2. শিশুলীলা’ পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা।
‘শিশুলীলা’ কবিতাটোৰ দ্বাৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভগৱান শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপৰ উপৰিও সাধাৰণ মানৱ শিশুৰ ৰূপটোও অতি সুন্দৰ ভাৱে অংকন কৰিছে।
সাধাৰণ মানৱ শিশুৱে যিদৰে মাকক আমনি কৰে বা মাকৰ আগত অভিমান কৰে, ঠিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণইয়ো মাক যশোদাক আমনি কৰিছে আৰু মাকৰ আগত অভিমান কৰিছে।
সাধাৰণ মানৱ শিশুৰ দৰে শ্ৰীকৃষ্ণই মাতৃ যশােদাৰ কোলাত উঠি স্তন পান কৰিছে । কিন্তু মাকে কোলাৰ পৰা নমাই দিয়াত তেওঁৰ খং উঠিছে আৰু মাকৰ মনযোগ আকৰ্ষণ কৰাৰ বাবে গাখীৰ থােৱা কোঠালিলৈ গৈ শিল দলিয়াই গাখীৰৰ পাত্ৰবােৰ ভাঙিছে। শিকিয়াৰ পৰা লৱণু নমাই নিজেও খাইছে আৰু বান্দৰকো খােৱাইছে।
কৃষ্ণৰ কাণ্ড দেখা পাই যশােদাই কৃষ্ণক মাৰিবলৈ খেদা মাৰিছে ।
মাতৃ যশােদাৰ এনে কার্যত সাধাৰণ শিশুৰ দৰেই শিশু কৃষ্ণই উৰালৰপৰা নামি দৌৰ মাৰিছে। পিছত মাকৰ ভাগৰ লগা দেখি মাকৰ হাতত ধৰাও দিছে।
এইবোৰ কাৰ্য্যৰ দ্বাৰা শিশুলীলা’ পাঠটিত শ্ৰীমন্ত শংকৰদেৱে শ্রীকৃষ্ণৰ চৰিত্রটি এটি সাধাৰণ মানৱ শিশু হিচাপে অঙ্কিত কৰিছে।
৩। শংকৰদেৱৰ মহত্ত্বম সৃষ্টি ‘কীতন-ঘোষা’ৰ বিষয়ে এটি চমুটোকা লিখা।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হল- ‘কীৰ্ত্তন -ঘোষা’ ।
আজিৰ পৰা প্ৰায় ৫০০ বছৰ পূৰ্বে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ‘এক শৰণ নাম ধৰ্ম’ প্ৰচাৰৰ অৰ্থে কীৰ্ত্তন -ঘোষা ভাগ ৰচনা কৰিছিল। কীৰ্ত্তন -ঘোষাক মহাপুৰুষজনাই ৰচনা কৰা শ্ৰেষ্ঠ পুথি হিচাপে গণ্য কৰা হয়।
প্ৰতিকূল পৰিৱেশ আৰু ধৰ্ম প্ৰচাৰৰ অৰ্থে বিভিন্ন ঠাই ঘুৰি ফুৰিব লগা হোৱা বাবে তেওঁ অসংখ্য ঠাইত পুথি সমূহ ৰচনা কৰিছিল।
কীৰ্ত্তন -ঘোষাৰ অন্তৰ্গত বিভিন্ন খণ্ড সমূহো সেইদৰে ভিন ভিন ঠাইত ৰচনা কৰিছিল। শঙ্কৰদেৱৰ পৰলোকৰ পিছত তেওঁৰ প্ৰিয়তম শিষ্য মাধৱদেৱে তেওঁৰ ভাগিনিয়েক ৰামচৰণ ঠাকুৰক ‘কীৰ্ত্তন -ঘোষা’ৰ বিভিন্ন অংশবিলাক সংগ্ৰহ কৰি সম্পাদনা কৰিবলৈ উপদেশ দিয়ে। সেই উপদেশ অনুসৰি ৰামচৰণ ঠাকুৰে কীৰ্ত্তন -ঘোষাৰ অন্তৰ্গত খণ্ডসমূহ সংগ্ৰহ কৰি ১৫৯৬ খৃঃত মাধৱদেৱৰ হাতত দিয়ে।
কীৰ্ত্তন -ঘোষাৰ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি খণ্ডবোৰক তিনি ভাগত ভাগ কৰা হৈছে –
১. লীলা বিষয়ক
২. লীলাহীন প্ৰাৰ্থনা, তত্ত্ব আৰু ব্যৱস্থা প্ৰধান
৩. অন্য কাহিনী আৰু তীৰ্থ ব্যৱস্থা প্ৰধান
বিভিন্ন ছন্দৰ প্ৰয়োগ, ৰসৰ প্ৰাধান্য তথা শ্ৰীকৃষ্ণৰ গুনানুকীৰ্ত্তনৰে ভৰপুৰ কীৰ্ত্তন -ঘোষাত ২৭টা অধ্যায় আছে।
অধ্যায়সমূহ হ’ল:
-চতুৰ্বিংশতি অৱতাৰ বৰ্ণন
-নাম অপৰাধ
-পাষণ্ড মৰ্দন
-ধ্যান বৰ্ণন
-অজামিল উপাখ্যান
-প্ৰহ্লাদ চৰিত,
-গজেন্দ্ৰ উপাখ্যান
-হৰমোহন
-বলিছলন
-শিশুলীলা
-ৰাসক্ৰীড়া
-কংস বধ
-গোপী-উদ্ধৱ সংবাদ
-কুঁজীৰ বাঞ্চা পূৰণ
-অক্ৰুৰৰ বাঞ্চা পূৰণ
-জৰাসন্ধৰ যুদ্ধ
-কালযবন বধ
-মুচুকুন্দৰ স্তুতি
-স্যামন্তক হৰণ
-নাৰদৰ কৃষ্ণ দৰ্শন
-বিপ্ৰ পুত্ৰ আনয়ণ
-বিপ্ৰ দামোদৰ আখ্যান
-দৈৱকীৰ পুত্ৰ আনয়ণ
-বেদস্তুতি
-কৃষ্ণলীলা মালা
-শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ
-উৰেষা বৰ্ণন
-ভাগৱতৰ তাৎপৰ্য্য
৯। মহাকোপে কোঠা পশিলন্ত
সিঞ্চিৰাই লৱনু ভুজন্ত।।
কোন অতি খঙেৰে কোঠাত সোমাইছিল? তেওঁ কিয় লৱণুবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা।
উত্তৰঃ শিশু কৃষ্ণই অতি খঙেৰে কোঠাত সোমাইছিল।
যশোদাই দধি মথি থাকোতে সাধাৰণ শিশুৰ দৰেই কৃষ্ণই মাকৰ স্তন পান কৰিবলৈ মাকক আমনি কৰিছিল আৰু পুত্ৰস্নেহত আপ্লুত হৈ যশোদাই কৃষ্ণক কোলাত লৈ স্তন পান কৰাইছিল। কিন্তু ঠিক তেনে সময়তে জুহালত বহাই থোৱা গাখীৰ উতলি পৰিবলৈ ধৰাত যশোদাই কৃষ্ণক কোলাৰ পৰা নমাই দিছিল।
মাকে এনেদৰে কোলাৰ পৰা নমাই থৈ যোৱাৰ বাবে আৰু মাতৃদুগ্ধ পান কৰিবলৈ নোপোৱাৰ বাবে কৃষ্ণৰ মাকৰ ওপৰত খং উঠিছিল। সেয়েহে কৃষ্ণই দধিৰ পাত্ৰবোৰ শিলগুটি মাৰি ভাঙি লৱণু বোৰ চাৰিওফালে সিঁচৰিত কৰাৰ লগতে নিজেও খাইছিল।
Also Read
0 Comments