Question 1 – উত্তৰ-পূব ভাৰতৰ ৰাজনীতি‌ আৰু অঞ্চলটোৰ স্বায়ত্ত্বশাসনৰ দাবীৰ বিষয়ে লিখা  

Answer :- ভাৰতৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত ‘সাতভনী’ ৰাজ্যকেইখন একেলগে উত্তৰ-পূৰ্বাঞ্চল আখ্যা দিয়া হয়। অসম, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডক সামৰি উত্তৰ-পূৰ্বাঞ্চল গঠিত হৈছে।

ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছতে উত্তৰ-পূবত স্বতন্ত্ৰতাৰ দাবী উত্থাপিত হয়।ক্রমাগত দাবীৰ ফলস্বৰূপে উত্তৰ-পূবত সাতখন ৰাজ্য গঠন হ’ল যদিও অঞ্চলটোৰ সমস্যাৰ বিশেষ সমাধান নহ’ল।

উত্তৰ-পূবত বিচ্ছিন্নতাবাদৰ আৰম্ভ কৰে নগা জনগোষ্ঠীয়ে। ১৯৪৬ চনত নগা নেচনেল কাউন্সিল (Naga National Council, NNC) নামেৰে এটা ৰাজনৈতিক সংগঠনৰ জন্ম হয়।

১৯৫১ চনত ফিজোৰ নেতৃত্বত একাংশ নগা লোকে ভাৰতৰ পৰা স্বাধীনতাৰ দাবী জনায়। ১৯৫৬ চনত ফিজোৱে নগাসকলৰ এখন নিজা সংবিধান আৰু সেনাৰে চৰকাৰ গঠনৰ ঘোষণা কৰে।

অৱশেষত ১৯৭৫ চনৰ ১১ নৱেম্বৰত নগা নেচনেল কাউন্সিল আৰু ভাৰত চৰকাৰৰ মাজত ‘শ্বিলং চুক্তি’ সম্পাদিত হয়। এই চুক্তিত বহুকেইগৰাকী নগা নেচনেল কাউন্সিলৰ নেতাই অসন্তুষ্টি প্রকাশ কৰে।

ফলত ১৯৮০ চনৰ দুই ফেব্ৰুৱাৰীত নেচনেল ছ’চিয়েলিষ্ট কাউঞ্চিল অৱ নাগালেণ্ড (National Socialist Council of Nagaland, NSCN) ৰ জন্ম হয়। এই গোটটোৱে বৃহত্তৰ নাগালিমৰ দাবীত সশস্ত্ৰ সংগ্ৰাম চলাই আছে।

নাগালেণ্ডৰ দৰে উত্তৰ-পূবৰ অইন এখন ৰাজ্য মিজোৰামতো সশস্ত্ৰ বিচ্ছিন্নতাবাদী আন্দোলনে এসময়ত ভাবুকিৰ সৃষ্টি কৰিছিল। সেই সময়ত মিজোৰামক লুচাই পাহাৰ নামেৰে জনা গৈছিল।

১৯৬১ চনৰ ২২ অক্টোবৰত মিজো নেচনেল ফ্রন্ট গঠন কৰা হৈছিল । ‘মিজোৰাম মিজোসকলৰ বাবে’ শ্ল’গানেৰে মিজো নেচনেল ফ্রন্টে মিজোৰামৰ স্বাধীনতাৰ দাবীত সশস্ত্ৰ বিদ্ৰোহ আৰম্ভ কৰে।

অৱশেষত প্রধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু লালডেংগাৰ মাজত স্বাক্ষৰিত এই শান্তি চুক্তিৰ ব্যৱস্থা মৰ্মে ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত মিজোৰামে এখন সুকীয়া ৰাজ্যৰ মৰ্যাদা লাভ কৰে। পু লালডেংগাই ৰাজ্যখনৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে।

অসমতো ১৯৭০ ৰ দশকৰ শেহৰপৰা বিচ্ছিন্নতাবাদী সশস্ত্র আন্দোলন আৰম্ভ হয়। ১৯৭৯ চনৰ সাত এপ্ৰিলত শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিত সংযুক্ত মুক্তি বাহিনী, অসম (United Liberation Front of Assam, ULFA) ৰ জন্ম হয়।

আলফা নামেৰে জনপ্ৰিয় হৈ পৰা এই সশস্ত্র সংগঠনটোৱে কেন্দ্ৰীয় চৰকাৰৰ শোষণৰ বিৰুদ্ধে সশস্ত্র সংগ্রাম চলাই স্বাধীন অসম প্রতিষ্ঠা কৰাৰ সংকল্পেৰে হিংসাত্মক ঘটনা সংঘটিত কৰি থাকে।

ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা অসমলৈ ব্যাপক হাৰত প্ৰব্ৰজনে ৰাজ্যখনৰ জনগাঁথনিগত দিশটোত জটিলতাৰ সৃষ্টি কৰে।

ফলত‌ ১৯৭৯ চনত আছুৱে বিদেশী বিতাড়ন আন্দোলন আৰম্ভ কৰে।

বহিৰাগতৰ বিৰুদ্ধে ভাৰতৰ এক অন্যতম আন্দোলন হ’ল সদৌ অসম ছাত্ৰ সন্থা (All Assam Students Union, AASU) ৰ দ্বাৰা ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ চলা অসম‌ আন্দোলন।

অৱশেষত সুদীর্ঘ ছয়বছৰৰ আন্দোলনৰ পিছত ৰাজীৱ গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু আন্দোলনৰ নেতৃবৰ্গৰ মাজত ১৯৮৫ চনৰ ১৫ আগষ্টত ঐতিহাসিক অসম চুক্তি সম্পাদিত হয়।

এই চুক্তিমর্মে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অসমলৈ অবৈধ অনুপ্ৰৱেশ কৰা বাংলাদেশী নাগৰিকসকলক বিতাড়ন কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল ।

অৱশ্যে বিদেশী বিতাড়নৰ সমস্যাটো আজিলৈকে সমস্যা হৈয়ে থাকিল।

উত্তৰ-পূব ভাৰতত স্বায়ত্তশাসনৰ দাবী ঐতিহাসিক, জাতিগত, সাংস্কৃতিক কাৰকৰ দ্বাৰা পৰিচালিত এক জটিল আৰু বহুমুখী বিষয়। অঞ্চলটোৰ কেইবাটাও জনগোষ্ঠী আৰু খিলঞ্জীয়া গোটে ভাৰতীয় সংঘৰ পৰা অধিক স্বায়ত্তশাসন বা আনকি সম্পূৰ্ণ স্বাধীনতাও বিচাৰিছে।

সাংস্কৃতিক পৰিচয় সংৰক্ষণ আৰু জাতীয় ঐক্য বজাই ৰখাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো অঞ্চলটোত এক জটিল প্ৰত্যাহ্বান হৈয়ে আছে।