Manav Bandana Assamese Poem
মানৱ বন্দনা
আহিছে মানুহ গইছে মানুহ
মানুহ ময়াপী জীৱ,
মানুহ সোঁতৰ অন্ত নাইকিয়া
বুলিলে মৰত কিয়?
মানৱী জনম দিয়া উটুৱাই
মানৱী কম সোঁতে,
মানুহৰ মৰম বুজিবা মানুহে
ধৰম যে মৰমতে ।
মানুহেই সংগ মানুহেই লগ
মানুহেই পৰাৎপৰ,
এই যে পৃথিৱী স্বৰ্গতো অধিক
মানুহৰ নিজাপী ঘৰ।
মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কেৱ,
কৰা কৰা পূজা পাদ্য অর্ঘ্য লই
জয় জয় মানৱ দেৱ।
চন্দ্ৰকুমাৰ আগৰৱালা
কবি-পৰিচয় :
চন্দ্ৰকুমাৰ আগৰৱালা (১৮৬৭-১৯৩৮) : অসমীয়া সাহিত্যৰ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম। ৰোমাণ্টিক যুগৰ এগৰাকী শ্রেষ্ঠ কবি। কবিতা পুথি—’প্রতিমা’ (১৯১৪) আৰু ‘বীণ ব’ৰাগী’ (১৯২৩)। সম্পাদিত কাকত-আলোচনী—’জোনাকী’, ‘সাদিনীয়া অসমীয়া’।
প্ৰশ্নৱালীঃ
ভাব-বিষয়ক
১। চমু উত্তৰ লিখাঃ
(ক) ‘মানুহেই পৰাপৰ’ বোলা কথাষাৰৰ অথ কি?
উত্তৰঃ মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ হ’লঃ মানুহেই সকলো জীৱতকৈ শ্ৰেষ্ঠ, পৰম সত্য।
(খ) মানুহক ময়াপী জীৱ বোলাৰ অথ কি?
উত্তৰঃ এই সংসাৰত মানুহৰ আগমন আৰু গমন এটা চিৰন্তন গতি।অৰ্থাৎ মানুহৰ জন্ম আৰু মৃত্যু চিৰসত্য। ই যেন এক প্ৰকাৰ মায়া সদৃশ। সেয়েহে মানুহক মায়াপী জীৱ বুলি কৈছে ।
(গ) পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি?
উত্তৰঃ কবিৰ মতে মানুহ হৈছে নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। মানুহক সেৱা কৰাটোৱেই হৈছে প্ৰকৃত ধৰ্ম। সেয়েহে কবিয়ে পাদ্য-অৰ্ঘ্য লৈ মানুহক পূজা কৰিব দিছে।
২/ ‘মানৱ বন্দনা’ কবিতাটিৰ মূলভাব তোমাৰ নিজৰ কথাৰে লিখা।
উত্তৰঃ কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘মানৱ বন্দনা’ কবিতাটিত মানৱ ধৰ্মৰ শ্ৰেষ্ঠত্ব প্রতিপন্ন হৈছে।
উদাৰ মানৱতাবাদ প্ৰকাশ পোৱা ‘মানৱ বন্দনা’ কবিতাটিৰ মাজেৰে কবিৰ মানৱ সেৱাৰ মনোভাৱ অতি সুন্দৰভাৱে পৰিষ্ফূত হৈছে ।
অনাদি কালৰ পৰা এই পৃথিৱীলৈৰ মানুহৰ আগমন আৰু গমন চলি আছে। মানুহৰ আগমন আৰু গমন এক চিৰন্তন প্ৰক্ৰিয়া।
মানুহ এই পৃথিৱীখনৰ মায়াত বন্দী এক জীৱ। মায়া-মোহত আৱদ্ধ হৈ মানুহে বাৰে বাৰে জন্ম লৈ এই পৃথিৱীলৈ ঘূৰি আহে।
মানুহৰ জন্ম – মৃত্যুৰ এই প্ৰক্ৰিয়াটো কেতিয়াও শেষ হৈ যোৱা নাই । সেয়েহে কবিৰ মতে এই পৃথিৱীখনক মর্ত্য অর্থাৎ মৃত্যুলোক বোলা উচিত নহয়।
এই পৃথিৱীত মানুহেই হৈছে মানুহৰ একমাত্ৰ লগ বা সংগ। মানুহেই মানুহৰ পৰম বন্ধু। সেয়েহে কবিয়ে এই মানৱী জীৱনটো মানুহৰ কল্যানৰ হকে উৎসৰ্গা কৰিবলে আহ্বান জনাইছে। মানুহক মৰম কৰা তথা মানুহৰ কল্যান সাধন কৰাটোহে প্ৰকৃত ধৰ্ম।
কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱে মানৱ বন্দনা কবিতাটিত মানৱৰ জয়গান গাইছে।
মানুহ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ, পৰম সত্য । জীৱশ্ৰেষ্ঠ মানৱে নিজৰ মানৱীয় কৰ্মৰাজিৰে এই পৃথিৱীখনক স্বৰ্গতকৈও অধিক বিনন্দীয়া কৰি তোলাটো কবিয়ে কামনা কৰিছে ।
মানুহৰ পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তে যে এই মর্ত্যতেই স্বৰ্গৰ সুখ লাভ কৰিব পাৰি এই কথাও কবিতাটোত পৰিস্ফুত হৈছে।
কবিৰ মতে মানুহ নৰৰূপী ভগৱান । এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। সেয়েহে কবিয়ে দেৱ পূজাৰ সলনি পাদ্য- অৰ্ঘ্য লৈ মানৱ পূজাৰ আয়োজন কৰি মানুহক মানৱ ধৰ্ম পালন কৰিবলৈ উপদেশ দিছে।
ভাষা-বিষয়কঃ
৫। সমাথক শব্দ লিখাঃ
মানুহঃ মানৱ, মানুহ
সংগঃ লগ, বন্ধু
পৃথিৱীঃ ধৰা
সোঁতঃ ঢৌ, লহৰ
স্বৰ্গঃ সৰগ
দেৱঃ দেৱতা
৬। সংস্কৃত কম, ধম আদি শব্দৰ পৰা কৰম, ধৰম আদি শব্দৰ উপত্তি হৈছে। এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা।
ধৰ্মঃ ধৰম
কৰ্মঃ কৰম
মত্যঃ মৰত
দেৱঃ দেৱতা
0 Comments