3. ক) নম্ৰতা সজ ব্যৱহাৰৰ অনুপান।
উত্তৰঃ লেখক সত্যনাথ বৰা দেৱে `অন্যৰ প্ৰতি ব্যৱহাৰ’ নামৰ পাঠটিত সজ ব্যৱহাৰ আৰু আচৰণৰ কথা কবলৈ গৈ নম্ৰতা সজ ব্যৱহাৰৰ অনুপান বুলি কৈছে।
কিয়নো যিদৰে উচিত অনুপানেৰে ঔষধ খালে সি বেছি গুণ দিয়ে ; সেইদৰেই ব্যৱহাৰত নম্ৰতা মিহলালে তাৰো উপকাৰ সৰহ হয়।
দম্ভালি মাৰি কথা কলে সমাজত অপ্ৰিয় হোৱা দেখা যায়। সেইকাৰণে আনৰ লগত আলাপ-আচৰণ কৰোঁতে দম্ভালি এৰি নম্ৰ হোৱা উচিত।
বহুতে ভাবে যে লোকৰ আগত নম্ৰ হ’লে নিজক সৰু বা লঘু কৰা হয়। এই বিশ্বাস ভুল।
নম্ৰতাৰ পৰা মানুহৰ মনৰ উচ্চতাহে প্ৰকাশ পায়। নম্ৰতা এটা মনৰ গুণ, মিঠা মাত তাৰ ফল।
মনত নম্ৰতা ভাৱ থাকিলে, আপোনা- আপুনি মিঠা মাত ওলায়। মিঠা মাতেৰে সকলোৰে অন্তৰ জয় কৰিব পাৰি।
(খ) সোণৰ জেউতি অমান্য কৰিলে নকমে।
উত্তৰঃ সোণ এবিধ উজ্জ্বল ধাতু । উজ্জ্বলতাই সোণৰ বিশেষত্ব । উজ্জ্বলতাৰ বাবেই সোণ বহুমূলীয়া । সেই উজ্জ্বল ৰত্ন সোণক যদি আমি গুৰুত্ব নিদি অনাদৰ কৰি পেলাই থও, তথাপি তাৰ উজ্জ্বলতা কেতিয়াও ম্লান পৰি নাযায় ।
ঠিক একেদৰেই গুণৱান লোকসকলৰ পৰিচয় তেওঁলোকৰ গুণত ফুটি উঠে ।কোনোবাই যদি তেনে গুণী- জ্ঞানী ব্যক্তিক অমান্য কৰে, তথাপি তেওঁলোকৰ মূল্য কমাব নোৱাৰি । গুনৱ বা মান্যৱন্ত লোকসকল সদায় সমাজত উজ্জ্বলি থাকে।
আমাৰ সমাজত এনে এচাম মানুহ আছে যিয়ে গুণী জ্ঞানী তথা সন্মান থকা ব্যক্তিক অসন্মান কৰিলে পুৰুষালি কৰা যেন পায়, সেই দেখি ছল পালে অসন্মান কৰিবলৈ নেৰে। কিন্তু সিহঁতে ভাবি নাচায় যে মান্যৱন্ত বা সন্মানীয় লোকসকলক অমান্য কৰি তেওঁলোকৰ সন্মান আৰু মূল্য কমাব নোৱাৰি।
0 Comments