শীতল যুদ্ধোত্তৰ যুগত দক্ষিণ এছিয়া

1. দক্ষিণ এছিয়াত সহযোগিতা আৰু শান্তি স্থাপনত SAARC ৰ ভূমিকা আলোচনা কৰা ।

Ans: ১৯৮৫ চনৰ ডিচেম্বৰত বাংলাদেশৰ ঢাকাত সাতখন ৰাষ্ট্ৰক লৈ গঠন হোৱা ‘South Asian Association for Regional Co-operation চমুকৈ SAARC-এ দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা আৰু শান্তি স্থাপনত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। সেই সমূহ তলত উল্লেখ কৰা হল –

1. দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত সমূহীয়া আত্মবিশ্বাস বৃদ্ধি কৰাৰ লগতে কল্যাণকামী অর্থনীতিৰ প্ৰবৰ্তন কৰি অঞ্চলটোৰ আৰ্থ-সামাজিক ৰাজনৈতিক আৰু সাংস্কৃতিক বিকাশ দ্ৰুততৰ কৰাৰ ক্ষেত্ৰত SAARC এ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।

2. ছাৰ্কে ইউৰোপীয় সংঘ, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ সৈতে কূটনৈতিক সম্পর্ক স্থাপন কৰি বিশ্বৰ অন্যান্য প্ৰান্তৰ সৈতে দক্ষিণ এছিয়াৰ সংযোগ স্থাপন কৰিছে।

3. আন্তঃআঞ্চলিক বাণিজ্য ব্যৱস্থা উন্নীতকৰণৰ বাবে SAARC-এ South Asian Free Trade Area চমুকৈ SAFTA স্থাপন কৰি সমগ্র দক্ষিণ এছিয়াক মুক্ত বাণিজ্য অঞ্চল হিচাপে গঢ় দিছে । এই চুক্তিৰ আধাৰত দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰ সমূহে নিজ ৰাষ্ট্ৰৰ বাহিৰত মুক্ত বাণিজ্য কৰাৰ অনুমতি লাভ কৰিছে ।
তদুপৰি পাৰপত্ৰ (Passport) দিয়াৰ ক্ষেত্ৰতো ৰাষ্ট্ৰসমূহে নমনীয় পন্থা গ্ৰহণ কৰিছে ।

4. দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত চলি থকা সংঘাত সমূহ শান্তিপূৰ্ণ ভাৱে সমাধা কৰাৰ ক্ষেত্ৰতো SAARC ৰ ভূমিকা উল্লেখযোগ্য । উদাহৰণ স্বৰুপে ভাৰত পাকিস্তানৰ মাজত চলি থকা বিবাদ সমূহ সমাধান কৰিবলৈ SAARC ৰ শীৰ্ষ সন্মিলন সমূহত দুয়োখন ৰাষ্ট্ৰৰ নেতৃবৰ্গই বিভিন্ন আলোচনাত মিলিত হোৱা দেখা যায়।

এনেদৰে SAARC-এ দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা আৰু শান্তি স্থাপনত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

Q2. SAARC ৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি কৰা এটা বিষয় উল্লেখ কৰা :

Ans : দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰ সমূহৰ অভ্যন্তৰীণ ৰাজনৈতিক বিষয়ত আমেৰিকা আৰু চীনৰ হস্তক্ষেপে এক শীতল যুদ্ধৰ পৰিবেশৰ সৃষ্টি কৰিছে। দুয়োখন ৰাষ্ট্ৰই অঞ্চলটোত নিজৰ প্ৰভাৱ বৃদ্ধিৰ বাবে চেষ্টা কৰি আহিছে । যি SAARC ৰ ভূমিকাত প্ৰত্যাহ্বান সৃষ্টি কৰিছে ।

Q 3. দক্ষিণ এছিয়াত স্থায়ী শান্তি প্ৰতিষ্ঠা কেনেদৰে কৰিব পাৰি ?

Ans:

১/ কূটনৈতিক আলোচনা:

দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত স্থায়ী কূটনৈতিক আলোচনাক উৎসাহিত কৰা যাতে বাকী থকা সমস্যাসমূহৰ সমাধান আৰু পাৰস্পৰিক বিশ্বাস গঢ়ি তুলিব পাৰি

2. সংঘাত সমাধানৰ ব্যৱস্থা:

বিবাদসমূহ তৎকালীনভাৱে সমাধান কৰিবলৈ আৰু ইয়াৰ তীব্ৰতৰ প্ৰসাৰ ৰোধ কৰিবলৈ ফলপ্ৰসূ সংঘাত সমাধান ব্যৱস্থা স্থাপন কৰা।

৩) আঞ্চলিক সহযোগিতা:

দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত আন্তঃনিৰ্ভৰশীলতা গঢ়ি তুলিবলৈ আঞ্চলিক সহযোগিতা সাংস্কৃতিক বিনিময়, শৈক্ষিক কাৰ্যসূচী আদিৰ ব্যৱস্থা গঢ়ি তোলা

৪) বাণিজ্যিক সংহতি:

বেপাৰ – বাণিজ্য আৰু বিনিয়োগ বৃদ্ধিৰ জৰিয়তে অৰ্থনৈতিক সম্পৰ্ক বৃদ্ধি কৰা

৫) সমূহীয়া নিৰাপত্তা ব্যৱস্থা:

সাধাৰণ প্ৰত্যাহ্বান, যেনে সন্ত্ৰাসবাদ আৰু আন্তঃৰাষ্ট্ৰীয় অপৰাধৰ সৈতে মোকাবিলা কৰিবলৈ আঞ্চলিক নিৰাপত্তা ব্যৱস্থাত সহযোগিতা কৰা। 

৬) মানৱ অধিকাৰৰ অন্তৰ্ভুক্তি:

ৰাষ্ট্ৰীয় নীতিত মানৱ অধিকাৰৰ অন্তৰ্ভুক্তিক অগ্ৰাধিকাৰ দিয়া। আভ্যন্তৰীণ উত্তেজনা হ্ৰাস কৰিবলৈ সকলো জাতি আৰু ধৰ্মীয় গোটৰ সৈতে ন্যায্য ব্যৱহাৰ নিশ্চিত কৰা।

৭) সংবাদ মাধ্যমৰ দায়িত্ব:

উত্তেজনা বৃদ্ধিৰ পৰা হাত সাৰিবলৈ দায়িত্বশীল সংবাদ মাধ্যমৰ প্ৰতিবেদনক উৎসাহিত কৰা

৮) আন্তঃৰাষ্ট্ৰীয় মধ্যস্থতা:

শান্তি আলোচনাৰ সুবিধাৰ বাবে আৰু শান্তি নিৰ্মাণ প্ৰক্ৰিয়াত তদাৰকী প্ৰদান কৰিবলৈ নিৰপেক্ষ আন্তঃৰাষ্ট্ৰীয় সত্তা বা মধ্যস্থতাকাৰীৰ পৰা সমৰ্থন বিচৰা।

error: Content is protected !!