Chapter – 2 জাতি গঠনৰ প্ৰত্যাহ্বান । Nation Building and It’s Problem

1. দ্বি জাতি তত্ত্ব কি ? (What is Two Nations Theory)

দ্বি জাতি তত্ত্ব ১৯৪৭ চনৰ ভাৰত বিভাজনৰ মূল কাৰক আছিল। এই তত্ত্ব মুছলীম লীগৰ নেতা মহম্মদ আলী জিন্নাই আগবঢ়াইছিল। এই তত্ত্ব অনুসৰি মুছলমান আৰু হিন্দু দুটা সম্পূৰ্ণ সুকীয়া জাতি আৰু সেয়ে মুছলমানসকলৰ ৰাজনৈতিক, সাংস্কৃতিক আৰু সামাজিক অধিকাৰৰ সুৰক্ষাৰ বাবে মুছলমান সংখ্যাগৰিষ্ঠতা থকা অঞ্চলসমূহ সামৰি মুছলমানসকলৰ এক স্বতন্ত্র গৃহভূমি থকা উচিত ।

এই তত্ত্বৰ জৰিয়তে মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চলসমূহ একত্ৰিত কৰি 1947 চনৰ 14 আগষ্ট তাৰিখে পাকিস্তান সৃষ্টি কৰা হয়।

2.‌ ভাৰত পাকিস্তানৰ বিভাজন প্রক্রিয়াটো আলোচনা কৰা ।

Ans:- 1946 চনত বৃটিছ চৰকাৰে সংবিধান ৰচনা কৰিবলৈ এক অনুকূল পৰিবেশ সৃষ্টি কৰিবৰ বাবে “কেবিনেট মিছন ” ক ভাৰতলৈ প্রেৰণ কৰে ।

এই মিছনে সংবিধান ৰচনা কৰিবলৈ এখন “সংবিধান সভা” গঠনৰ সিদ্ধান্ত গ্রহন কৰে । সংবিধান সভা গঠনৰ বাবে কেবিনেট মিছনে ভাৰতৰ ৰাজ্য সমূহক তিনিটা ভাগত বিভক্ত কৰে । প্ৰথম ভাগত আছিল হিন্দুপ্রধান ৰাজ্যসমূহ । দ্বিতীয় ভাগত আছিল মুছলমান সংখ্যাগৰিষ্ঠ প্ৰদেশ সমূহ আৰু তৃতীয় ভাগত আছিল অসম আৰু বংগ ।

কেবিনেট মিছনৰ পৰিকল্পনা অনুসৰি এই তিনিটা শ্রেণীৰ প্রদেশসমূহৰ পৰা প্ৰতিনিধি নির্বাচন কৰিবলৈ 1946 চনৰ জুলাই মাহত সংবিধান সভাৰ নির্বাচন অনুষ্ঠিত হয় । এই নির্বাচনত 296 খন আসন বিশিষ্ট সংবিধান সভাৰ 211 খন আসন কংগ্ৰেছ দলে লাভ কৰে। ইয়াতে অসন্তুষ্ট হৈ মুছলিম লীগৰ নেতা মহম্মদ আলী জিন্নাই পাকিস্তান লাভৰ বাবে মুছলমান সম্প্রদায়ক প্রত্যক্ষ সংগ্ৰামৰ বাবে আহ্বান জনায়।

জিন্নাৰ আহ্বানত আৰম্ভ হোৱা এই প্রত্যক্ষ সংগ্রামত হাজাৰ হাজাৰ হিন্দু-মুছলমান লোকৰ মৃত্যু হয়। এই ৰক্তাক্ত সংঘাতৰ ফলস্বৰূপে এটা কথা স্পষ্ট হৈ পৰে যে দেশ বিভাজনৰ বাদে আন কোনো গত্যন্তৰ নাই।

সেয়েহে 1947 চনৰ মার্চ মাহত লর্ড মাউন্ট বেটেনে কংগ্রেছ আৰু মুছলিম লীগৰ নেতৃবর্গৰ সৈতে আলোচনা কৰি ভাৰতক দ্বিখণ্ডিত কৰি ভাৰত আৰু পাকিস্তান নামৰ দুখন ৰাষ্ট্র গঠনৰ সিদ্ধান্ত গ্রহণ কৰে।

error: Content is protected !!