বিশ্বায়ন । Globalisation

Q.1. বিশ্বায়নৰ ফলত ৰাষ্ট্ৰৰ ভূমিকাৰ কেনেদৰে পৰিবৰ্তন হৈছে আলোচনা কৰা ।

Ans:  বিশ্বায়নে ৰাষ্ট্ৰৰ ৰাজনীতিৰ তথা ৰাষ্ট্ৰ ব্যৱস্থাৰ ওপৰত বিভিন্ন ধৰণে প্রভাব পেলাইছে। এই প্রভাৱ সম্পর্কে বিভিন্ন বিতর্ক পৰিলক্ষিত হয়। বিশ্বায়নৰ ফলত ৰাষ্ট্ৰৰ পৰিবৰ্তিত ভূমিকাৰ সম্পর্কে নিম্নোক্ত ধৰণে আলোচনা কৰিব পাৰি। 

প্রাথমিক স্তৰত, বিশ্বায়নে জাতীয় ৰাষ্ট্ৰ সমূহৰ ক্ষমতা সংকুচিত কৰিছে । বিশ্বায়নৰ প্ৰভাৱত ৰাষ্ট্ৰৰ কাৰ্যাৱলীৰ আৰু ক্ষমতাৰ ক্ষয়ীভৱনৰ আৰম্ভণি হোৱা চকুত পৰে। সমগ্ৰ বিশ্বতে দেখা দিয়া প্ৰৱণতা অনুসৰি ৰাষ্ট্ৰই ইয়াৰ বৰ্তমানৰ কল্যাণকামী কামৰ পৰিমাণ হ্ৰাস কৰিবলৈ প্ৰচেষ্টা চলাইছে ৷ এই নতুন পৰিস্থিতিত ই নিম্নতম কাৰ্য সম্পাদনৰ আঁচনিৰ প্ৰতি অধিক পৰিমাণে আকৰ্ষিত হ’বলৈ আৰম্ভ কৰিছে।

বিশ্বায়নৰ যুগত ৰাষ্ট্ৰৰ কার্যাৱলী কেইটামান ঐচ্ছিক কার্য, যেনে- আইন শৃংখলা ৰক্ষা,আভ্যন্তৰীণ আৰু বহিঃ শক্তিৰ আক্ৰমণৰ পৰা নাগৰিকক ৰক্ষণাবেক্ষণ দিয়াতেই সীমাবদ্ধ হৈ পৰিছে। আনহাতে আগতে গুৰুত্বপূর্ণ বুলি বিবেচনা কৰা বহুবোৰ জনহিতকৰ কামৰ পৰা ৰাষ্ট্ৰই অৱসৰ লোৱাৰ প্ৰৱণতা স্পষ্ট হৈ পৰিছে ।

দ্বিতীয়তে, ৰাষ্ট্ৰৰ দৃষ্টিভংগীত আৰ্থ-সামাজিক ক্ষেত্ৰত বজাৰ ভিত্তিকতাই প্রাধান্য লাভ কৰিছে। অর্থাৎ বর্তমানে ৰাষ্ট্ৰই সামাজিক আৰু অর্থনৈতিক বিষয়বোৰ লাভ-লোকচানৰ তুলাচনীৰ সহায়ত বিবেচনা কৰিবলৈ লোৱা দেখা যায়। তাৰ মানে জনসাধাৰণৰ কল্যাণৰ বিষয়ত ৰাষ্ট্ৰই আগৰ নিচিনা অগ্রাধিকাৰ দি থকা নাই।

তৃতীয়তে, বিশ্বায়নৰ এবিধ গুৰুত্বপূৰ্ণ উপাদান হৈ পৰিছে বহুজাতিক কোম্পানীবোৰ। সেইবোৰ একেধাৰে ইয়াৰ উপাদান আৰু ফচলো। তেনেধৰণৰ প্ৰতিষ্ঠানবোৰেও ৰাষ্ট্ৰৰ কামত পৰোক্ষে আৰু প্রত্যক্ষে হস্তক্ষেপ কৰিব পৰা হৈ উঠিছে। সেইবোৰৰ প্ৰৱেশ আৰু অধিকতৰ ভূমিকা গ্ৰহণে চৰকাৰী সিদ্ধান্তৰ ওপৰত প্ৰায়ে প্ৰভাৱ বিস্তাৰ কৰা দেখা যায়। ফলশ্ৰুতিত বহুত সময়ত ৰাষ্ট্ৰই নিজাববীয়া সিদ্ধান্ত গ্ৰহণত ব্যর্থ হোৱা দেখা যায়।

আনহাতে কিছুমান বিশেষজ্ঞৰ মতে বিশ্বায়নে জাতীয় ৰাষ্ট্ৰ সমূহৰ কাৰ্যৰ সম্প্ৰসাৰিত কৰিছে। প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলত ৰাষ্ট্ৰীয় চৰকাৰে জনগণৰ আশা-আকাঙ্ক্ষা, অভাব-অভিযোগ আদিৰ বিষয়ে অবগত হৈ তাক পূৰণ কৰিবলৈ বিভিন্ন ধৰণৰ আঁচনি প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে।

তদুপৰি উন্নত ৰাষ্ট্ৰবিলাকৰ লগত সংগতি ৰাখি উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ জনগণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে চৰকাৰে ভিন্ন আঁচনি গ্ৰহণ কৰা দেখা যায়। গতিতে বিশ্বায়নে ধনী আৰু দুখীয়া দেশসমূহৰ মাজৰ ব্যৱধান ক্ৰমে হ্ৰাস কৰিছে।

যদিও সাৰ্বভৌমত্বৰ অৱক্ষয় হৈছে তথাপি ৰাষ্ট্ৰই অবিৰত ভাৱে অপৰিহার্য কার্যসমূহ, যেনে—আইন শৃংখলা ৰক্ষা, ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষা আদি কৰ্তব্য সমূহ নিয়াৰিকৈ পালন কৰি আহিছে। গতিকে ৰাষ্ট্ৰৰ ক্ষেত্ৰত বিশ্বায়নৰ প্ৰভাৱক লৈ মত পার্থক্য থাকিলেও এই প্ৰক্ৰিয়াৰ ফলশ্ৰুতিত প্ৰতিখন ৰাষ্ট্ৰই দ্ৰুত গতিত আধুনিকতাৰ দিশে গতি কৰিছে ।

Q.2. বিশ্বায়নৰ বিভিন্ন দিশসমূহ আলোচনা কৰা । (Different Dimensions of Globalisation):

Ans: বিশ্বায়ন হৈছে এনে এক প্রক্রিয়া যত বিভিন্ন সমাজৰ মাজত উত্তৰোত্তৰ সংযোগ স্থাপিত হয়, যাৰ ফলত বিশ্বৰ কোনো এক অংশৰ কোনো এক ঘটনাই বহু দূৰত অৱস্থিত জনসাধাৰণ অথবা সমাজৰ ওপৰত প্ৰভাৱ পেলায়। গতিকে এক প্রক্রিয়া হিচাপে বিশ্বায়নক তিনিটা দিশত অভিব্যক্তি (Manifestation) দেখিবলৈ পোৱা যায়। এই দিশ তিনিটা হৈছে ক্ৰমে – –

1. অৰ্থনৈতিক বিশ্বায়ন:

বিশ্বায়ন মূলতঃ এক অর্থনৈতিক প্রক্রিয়া য’ত প্ৰতিখন ৰাষ্ট্ৰৰ ঘৰুৱা অৰ্থনীতিক সম্পূর্ণভাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত মুক্ত কৰি দিয়া হয় আৰু ইয়াৰ ফলশ্ৰুতিত উৎপাদন, বিতৰণ আৰু বিনিময় এই সকলোবিলাকেই বজাৰ অৰ্থনীতিৰ স্বাভাৱিক নীতি নিয়মত পৰিণত হয়। এনেদৰে বিশ্বায়নে ৰাষ্ট্ৰ এখনৰ ঘৰৱা অৰ্থনীতি বিশ্ব অর্থনীতিৰ লগত একীভূত কৰাৰ পোষকতা কৰে। সেয়ে বিশ্বায়ন বুলিলে মূলতঃ অর্থনৈতিক কার্যকলাপৰ বিশ্বায়ন বুলি অভিহিত কৰা হয়। অর্থাৎ ই হৈছে এক অর্থনৈতিক আন্দোলন, যাৰ জৰিয়তে প্ৰতিখন ৰাষ্ট্ৰই আন্তঃৰাষ্ট্ৰীয় বজাৰত নিজা ব্যবসায়- বাণিজ্য মুক্তভাৱে চলাই যাব পাৰে। অৰ্থনৈতিক বিশ্বয়নে সাধাৰণতে বিশ্বৰ দেশ সমূহৰ মাজত সম্পদৰ বিতৰণ আৰু বিনিয়োগ ব্যৱস্থাক বুজায়।

(2) ৰাজনৈতিক বিশ্বায়ন (Political Globalisation): ৰাজনৈতিক বিশ্বায়নে সমগ্র বিশ্বব্যাপী ৰাজনৈতিক আন্তঃসম্পৰ্কৰ তীব্ৰতৰকৰণ আৰু বিস্তাৰিতকৰণ বুজায়। ৰাজনৈতিক বিশ্বায়নে আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাত ৰাষ্ট্ৰ যে প্ৰধান নায়ক সেই ধাৰনাৰ অৱসান হোৱাৰ কথা সূচায়। ই এনে এক গোলকীয় নাগৰিক সমাজ (Civil Society)ৰ পোষকতা কৰে য’ত স্থানীয় নাগৰিক সমাজবিলাকে প্রত্যক্ষভাৱে আৰু ৰাষ্ট্ৰসংঘৰ জৰিয়তে সম্পৰ্ক ৰক্ষা কৰি চলিব পাৰে।

৩) সাংস্কৃতিক বিশ্বায়ন (Cultural Globalisation): বিশ্বায়নৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশ দুটাৰ বাহিৰেও সাংস্কৃতিক দিশ এটা পৰিলক্ষিত হয়। ‘সংস্কৃতি’ অৱধাৰণাটো অতিশয় অর্থবহ। মানর জীৱনৰ সকলো দিশকে সামগ্রিকভাৱে ‘সংস্কৃতি’ পদটোৱে সাঙুৰি লয়। সাংস্কৃতিক বিশ্বায়নৰ অৰ্থ হৈছে “সমগ্ৰ বিশ্ব” ব্যাপী ৰাষ্ট্ৰবিলাকৰ মাজৰ সাংস্কৃতিক সম্পৰ্কৰ সম্প্ৰসাৰণ আৰু তীব্ৰতৰকৰণ। বিশ্বায়নৰ প্ৰভাৱ ব্যক্তিগত আৰু সামাজিক জীৱনৰ সৈতে ঘনিষ্ঠভাবে জড়িত ভাষা, ধর্ম, শিশু কলা, সমন্বিতে সমগ্র সাংস্কৃতিক দিশ আৰু ধাৰণাৰ ওপৰত বিয়পি পৰাৰ উপক্ৰম হৈছে আৰু সেয়েহে এনে স্থলত বিশ্বায়নৰ পৰিণতিত এক সাংস্কৃতিক ঐক্য দেখিবলৈ পোৱা গৈছে ।

 

Q.3. বিশ্বায়নৰ কাৰণসমূহ আলোচনা কৰা :

Ans: বিশ্বায়ন বুলিলে বিশ্বৰ সকলো ৰাষ্ট্ৰৰ জনসাধাৰণৰ মাজৰ আন্তঃনিৰ্ভৰশীলতা বৃদ্ধিৰ এক প্ৰক্ৰিয়াক সুচায় । এই বিশ্বায়নৰ ধাৰাটো উদ্ভৱ হোৱাৰ কাৰকসমূহ তলত বহলাই আলোচনা কৰা হ’ল—

1. প্ৰযুক্তিৰ উন্নতি: পৰিবহণ আৰু যোগাযোগৰ উদ্ভাৱনে সীমান্তৰ সিপাৰে সামগ্ৰী, সেৱা আৰু তথ্যৰ চলাচলত সহায় কৰিছে।

2. বাণিজ্য উদাৰীকৰণ: বাণিজ্যিক বাধা হ্ৰাস কৰা আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য চুক্তি স্বাক্ষৰিত হোৱাটোৱে বিশ্বজুৰি সামগ্ৰী আৰু সেৱাৰ বিনিময়ক প্ৰসাৰিত কৰিছে।

3. বিশ্ব অৰ্থনৈতিক সংহতি: আন্তঃসংযোগী বিত্তীয় বজাৰ আৰু বহুজাতিক নিগমৰ উত্থানে অৰ্থনীতিসমূহৰ মাজত আন্তঃনিৰ্ভৰশীলতা বৃদ্ধি কৰিছে।

4. বৰ্ধিত প্ৰত্যক্ষ বিদেশী বিনিয়োগ (এফডিআই): ব্যৱসায়ীসকলে নতুন গ্ৰাহক, সম্পদ আৰু শ্ৰমৰ সুবিধা লাভ কৰিবলৈ বিদেশী বজাৰত বিনিয়োগ কৰি অৰ্থনৈতিক সংহতিৰ পোষকতা কৰিছে।

5. সাংস্কৃতিক বিনিময় আৰু তথ্যৰ প্ৰবাহ: বৰ্ধিত যোগাযোগে ধাৰণা, সংস্কৃতি আৰু মূল্যবোধৰ বিনিময়ত সহায় কৰিছে, যাৰ ফলত অধিক আন্তঃসংলগ্ন বিশ্ব সমাজৰ সৃষ্টি হৈছে।

error: Content is protected !!