এটা দলৰ আধিপত্যৰ যুগ

1. ভাৰতত/গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা 

Ans: গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত বিৰোধী দলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শক্তিশালী বিৰোধী দল অবিহনে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰই প্ৰকৃত সফলতা লাভ কৰিব নোৱাৰে।

ভাৰতবৰ্ষত চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ সময়ললৈকে স্বীকৃতি কোনো বিৰোধী দল নাছিল যিহেতু ভাৰতীয় জাতীয় কংগ্ৰেছক বাদ দি কোনো দলেই প্ৰযাপ্ত আসন লাভ কৰা নাছিল। 

প্ৰকৃততে ১৯৭৭ চনৰ পিছৰ পৰাহে আমাৰ দেশত বিৰোধী দলৰ ভূমিকা কিছু স্পষ্ট ৰূপত দৃষ্টিগোচৰ হয়। 

এখন গণতান্ত্ৰিক দেশত শাসনত থকা দলটোৰ বিপৰীতে বিৰোধীৰ আখনত থকা বিৰোধী দলৰ ভূমিকা কেনে হ’ব লাগে সেই সম্পৰ্কে ৰাজনৈতিক পণ্ডিতসকলে বহুতো পৰামৰ্শ আগবঢ়াইছে।

প্ৰধানতঃ বিৰোধী দলৰ কৰণীয় এনেধৰণৰ一

১। শাসনত থকা দলটোৱে যাতে জাতীয় স্বাৰ্থৰ বিপৰীতে গৈ স্বেচ্চাচাৰীভাৱে শাসন চলাব নোৱাৰে তাৰ প্ৰতি চকু ৰখা।

২। চৰকাৰৰ আঁচনি আৰু পৰিকল্পনাবিলাক পৰ্যবেক্ষণ কৰি প্ৰয়োজন হ’লে চৰকাৰক সংসদৰ মজিয়াত সমালোচনা কৰা।

৩। জনসাধাৰণৰ অভাৱ-অভিযোগ, আশা-আকাংক্ষাক সংসদৰ মজিয়াত দাঙি ধৰা।

৪। জনমত গঠন কৰা।

৫। জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা।

ভাৰতবৰ্ষত বিৰোধী দলসমূহে নিজৰ ভূমিকা পালনত কৃতকার্যতা লাভ কৰা বুলি ক’ব পৰা নাযায়।

ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ 75 বছৰৰ পিছতো বৰ্তমানলৈকে প্ৰকৃত বিৰোধী দলৰ অভ্যুত্থান হোৱা নাই।

স্বাধীনতাৰ পিছত ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত বহুত ৰাজনৈতিক দলৰ সমাবেশ ঘটিছে। কিন্তু কিছুমান ৰাজনৈতিক দল মাত্ৰ নামতহে আছে, কেন্দ্ৰ নাইবা ৰাজ্যত ক্ষমতা লাভৰ সোৱাদ পোৱা নাই, আনকি বিৰোধী দল হিচাপে ভূমিকা পালন কৰিবৰ বাবেও সুবিধা লাভ কৰিব পৰা নাই।

ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা প্ৰথম ভাগত বিৰোধী দলসমূহে অধিক আসন লাভ কৰিব নোৱাৰিলেও যথেষ্ট শক্তিশালী আছিল আৰু গঠনমূলক সমালোচনা আৰু পৰামৰ্শৰে চৰকাৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈও সমৰ্থৱান হৈছিল।

ভাৰতবৰ্ষৰ প্ৰথম সাধাৰণ নিৰ্বাচনৰ পিছত ভাৰতৰ সাম্যবাদী দলে ১৬ খন আসন লাভ কৰি প্রধান বিৰোধী দল হিচাপে কাৰ্য পালন কৰিছিল। সেই সময়ত ৰাম মনোহৰ লোহিয়া, আচার্য জে. বি. কৃপালনী প্ৰমুখ্যে বিশিষ্ট নেতাসকলে বিৰোধীপক্ষত থাকি গঠনমূলক সমালোচনাৰ জৰিয়তে চৰকাৰক শাসন পৰিচালনা কৰাত শক্তিশালী ভূমিকা গ্ৰহণ কৰিছিল ।

শেহতীয়াভাৱে ভাৰতীয় জনতা পাৰ্টিৰ অভাৱনীয় জনপ্রিয়তা বৃদ্ধিয়ে বিৰোধীপক্ষৰ ভূমিকা বহু পৰিমাণে স্তিমিত কৰি পেলাইছে।

২০১৯ চনৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে অকলশৰে ৩০৩ খন আসন লাভ কৰি সংসদৰ মজিয়াত সুবিধাজনক স্থিতিত থকাৰ পৰিৱৰ্তে প্ৰধান বিৰোধী দল ভাৰতীয় জাতীয় কংগ্ৰেছে মাত্র ৫২ খন আসনতে সীমাবদ্ধ থাকে।

ফলস্বৰূপে সাম্প্রতিক সময়ত সংসদত বিৰোধী দলৰ ভূমিকা পুনৰ দুৰ্বল হৈ পৰিছে। আকৌ বিৰোধী দলসমূহে একত্ৰিতভাৱে শক্তিশালী বিৰোধীৰ ভূমিকা পালনতো ব্যৰ্থ হৈছে।

2. ভাৰতবৰ্ষত কংগ্ৰেছ দলে আধিপত্য বিস্তাৰ কৰা মূল কাৰণ সমূহ আলোচনা কৰা ।

Ans: ভাৰতবৰ্ষত কংগ্ৰেছ দলে আধিপত্য বিস্তাৰ কৰা কেইবাটাও কাৰণ আছে। এই কাৰণবোৰ হৈছে-

প্ৰথমতে, আমি ক’ব পাৰোঁ যে ব্ৰিটিছ উপনিবেশিকতাবাদৰ পৰা মুক্ত কৰাৰ বাবে কংগ্ৰেছৰ নেতৃত্বত আন্দোলন গঢ়ি উঠিছিল। ভাৰতবৰ্ষই স্বাধীনতা অৰ্জন কৰাৰ পিছত অনুষ্ঠিত হোৱা নিৰ্বাচনত স্বাধীনতা আন্দোলনৰ মূল হোতাসকলে প্রতিদ্বন্দ্বিতা কৰিছিল। এই নেতাসকল অতি জনপ্রিয় আছিল। সেয়ে তেওঁলোকে অতি সহজে নির্বাচনত জয়যুক্ত হৈছিল আৰু শাসনত অধিষ্ঠিত হৈছিল। গতিকে কংগ্ৰেছ দলৰ আধিপত্য বিস্তাৰৰ এইটোও এটা কাৰণ বুলি ক’ব পাৰি।

দ্বিতীয়তে, কংগ্ৰেছ দলৰ আধিপত্য বিস্তাৰৰ আন এটা কাৰণ হ’ল— এই দলটো অতি পুৰণি আৰু সুসংগঠিত দল। ভাৰতবৰ্ষত স্বাধীনতা আন্দোলন চলি থকাৰ পৰাই এই দলটো সুসংগঠিত আৰু আন দলতকৈ নির্বাচন বিষয়ত সুপৰিপক্ক। সেয়েহে এই দলটোৱে স্বাধীনতাৰ পিছত হোৱা নির্বাচনবোৰত অতি সহজে সমগ্ৰ ভাৰতবৰ্ষতে বিজয় সাব্যস্ত কৰিব পাৰিছে।

তৃতীয়তে, ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ সময়ত কংগ্ৰেছ দলে ইয়াৰ ভেটি ভাৰতবৰ্ষৰ গাঁৱে-ভূঞে, চহৰে-নগৰে সকলো স্তৰতে শক্তিশালী কৰি তুলিছিল। স্বাধীনতাৰ পিছত হোৱা নিৰ্বাচনৰ সময়ত কংগ্ৰেছ দলে নতুনকৈ তৃণমূল স্তৰত সংগঠন তৈয়াৰ কৰিবলীয়া হোৱা নাছিল ।কিন্তু, আন দলবোৰৰ তৃণমূল পৰ্যায়ত তেনেধৰণৰ সংগঠন নাছিল। তদুপৰি, স্বাধীনতাৰ পিছত বহুত নতুন দল গঠন হৈছিল। কংগ্ৰেছ দলক নির্বাচনৰ সময়ত তৃণমূল পৰ্যায়ৰ সংগঠনবোৰে সহায় কৰিছিল। ইয়াৰ ফলশ্রুতিত সহজতে নিৰ্বাচনত জন্ম হ’ব পাৰিছিল।

চতুৰ্থতে, ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত হোৱা নিৰ্বাচনবোৰত স্বাধীনতা আন্দোলনৰ নেতাসকলৰ ব্যক্তিত্ব আৰু নিকা ভাবমূর্তিৰ বাবেও এই দলক নির্বাচনত জয়ী হোৱাত বৰঙণি যোগাইছিল।

কংগ্ৰেছ দলৰ এনেবোৰ প্ৰকৃতিৰ বাবে স্বাধীনতাৰ পিছত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিৰ্বাচনত সমগ্ৰ ভাৰততে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল।

error: Content is protected !!