Political science project for hs 2nd year

বিশ্বায়ন আৰু ইয়াৰ ফলাফল Political Science Project for Class 12

বিশ্বায়ন আৰু ইয়াৰ ফলাফল Political Science Project for Class 12  Assamese Medium.

Format:

Cover Page:

1. Title of the Project

2. Information of the student

(Name, Roll No, Registration No, Year)

3. Name of the Supervisor/Guide.

4. Name of the institution.

5. Year.

Second Page:- কৃতজ্ঞতা স্বীকাৰ (Acknowledgement)

Third Page: ঘোষণা পত্ৰ (Declaration by the students)

Forth Page:- i) তত্ত্বাৱধায়কৰ প্ৰমাণপত্ৰ (Certificate from Supervisor/Guide)

ii) অধ্যক্ষৰ প্ৰমাণপত্ৰ (Certificate from Head of the Institution/ Department)

Fifth Page: সূচীপত্ৰ (Contents/index)

Next: Main Project Work (Introduction, Main Body, Conclusion)

Last Page : (সহায়ক গ্ৰন্থপঞ্জি) (References/Bibliography)

Sample Political Science Project :

Cover Page

বিশ্বায়ন আৰু ইয়াৰ ফলাফল/পৰিণতিসমুহ

বিশ্বায়ন আৰু ইয়াৰ ফলাফল Political Science project

 

কৃতজ্ঞতা স্বীকাৰ

মই প্ৰথমে ……. উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিষয়ৰ বিষয় শিক্ষক ……… ছাৰ আৰু লগতে বিদ্যালয়ৰ অধ্যক্ষ মহোদয় শ্ৰীযুত….. ছাৰক আন্তৰিক ধন্যবাদ যাচিছো কাৰণ অধ্যক্ষ মহোদয় আৰু ছাৰৰ তত্বাৱধানত মই মোৰ প্ৰকল্পটিক সম্পুৰ্ণ ৰূপ দিবলৈ সমর্থ হলো আৰু লগতে বিদ্যালয়ৰ শিক্ষাগুৰু সকল, মোৰ পৰিয়ালবৰ্গ আৰু বন্ধু-বান্ধবী সকলকো ধন্যবাদ জনাইছো কাৰণ তেওঁলোকৰ সহাঁৰি অবিহনে এই প্রকল্পটি সম্ভৱ হৈ নুঠিল হেতেন।

অৱশেষত এই প্রকল্প প্রস্তুত কৰাৰ সময়ত মোক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সহায় কৰা প্রতিজন ব্যক্তিলৈকে মই মোৰ আন্তৰিক ধন্যবাদ জনাই কৃতজ্ঞতা জ্ঞাপন কৰিলো।

ঘোষণা পত্র

ইয়াৰ দ্বাৰা জনোৱা যায় যে মই কৰা প্ৰকল্পটো “বিশ্বায়ন আৰু ইয়াৰ পৰিণতি সমুহ” মোৰ সম্পূৰ্ণ নিজা আৰু মৌলিক কৰ্ম ।

এই প্ৰকল্পটো উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা ২০২৩ – ২০২৪ বৰ্ষত জমা দিব বাবে প্ৰস্তুত কৰা হৈছে আৰু আগতে কোনো শৈক্ষিক ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হোৱা নাই।

তাৰিখ:

ছাত্র/ছাত্ৰীৰ নাম:

শ্ৰেণী:

ৰোল নংঃ

বিদ্যালয়:

প্ৰমাণ পত্ৰ

ইয়াৰ দ্বাৰা জনোৱা হয় যে …………. বিদ্যালয়ৰ‌ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ/ছাত্ৰী …………….. এ মোৰ তত্বাৱধানত ৰাজনীতি বিজ্ঞানৰ …………….নামৰ প্ৰকল্পটো সম্পূৰ্ণ কৰিছে।তেওঁ সম্পূর্ণ সাৱধানতা, সজাগতা আৰু নিষ্ঠাৰে এই প্ৰকল্প প্রস্তুতকৰণৰ কাৰ্যভাগ সম্পন্ন কৰিছে । প্ৰকল্পটো তেওঁৰ সম্পূৰ্ণ মৌলিক কৰ্ম আৰু ইয়াক আগতে কোনো শৈক্ষিক ক্ষেত্ৰত ব্যৱহাৰ কৰা হোৱা নাই।

তত্বাৱধায়কৰ স্বাক্ষৰ

তাৰিখ:
নাম:
বিদ্যালয়:

বিদ্যালয়ৰ অধ্যক্ষৰ প্ৰমাণ পত্ৰ:

ইয়াৰ দ্বাৰা জনোৱা হয় যে ….. উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ /ছাত্ৰী …………….. এ ৰাজনীতি বিজ্ঞানৰ বিষয় শিক্ষক শ্ৰী….. তত্বাৱধানত …………… নামৰ প্ৰকল্পটো নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিছে। প্ৰকল্পটো ছাত্ৰ/ছাত্ৰী গৰাকীৰ সম্পূৰ্ণ মৌলিক কৰ্ম আৰু ইয়াক আগতে কোনো শৈক্ষিক ক্ষেত্ৰত ব্যৱহাৰ কৰা হোৱা নাই।

অধ্যক্ষৰ চহী

তাৰিখ:

সূচীপত্ৰ

১. আৰম্ভণি

২. বিশ্বায়নৰ অৰ্থ

৩. বিশ্বায়নৰ কাৰণ

৪. বিশ্বায়নৰ ‍ বৈশিষ্ট

৫. বিশ্বায়নৰ দিশ সমূহ

৬. বিশ্বায়নৰ ফলাফল

৭. সামৰণি

৮. সহায়ক গ্ৰন্থপঞ্জী

আৰম্ভণি

সাম্প্ৰতিক কালত বিশ্বায়ন বা গোলকীকৰণ ব্যৱস্থা কেৱল ভাৰতৰে নহয়, সমগ্র বিশ্বৰে এটি বিশেষভাৱে আলোচ্য বিষয়ত পৰিণত হৈছে।

কিছুমানে বিশ্বায়নক সম্পূৰ্ণৰূপে এটা অর্থনৈতিক ধাৰণা বুলি গণ্য কৰা দেখা যায়। কিন্তু সেই ধাৰণাটো সম্পূর্ণ শুদ্ধ বুলিব নোৱাৰি। নিঃসন্দেহে ক’ব পাৰি যে ভূমি, খনি, বননি, সাধাৰণ আৰু প্রশিক্ষিত শ্রমিক, মূলধন, বজাৰ, ঘৰুৱা আৰু আন্তৰ্জাতিক বাণিজ্য, উদ্যোগপতি, উৎপাদন, বিতৰণ, উপভোগ আদি অর্থনৈতিক উপাদানবোৰ বিশ্বায়নৰ সৈতে ওতপ্রোতভাৱে সাঙোৰ খাই আছে। সেই সত্ত্বেও ইয়াৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, মনস্তাত্ত্বিক আদি বিভিন্ন মাত্ৰাবোৰকো উলাই কৰিব নোৱাৰি। গতিকে বিশ্বায়নক এটা বহুমাত্রাযুক্ত ধাৰণা বুলি কবই লাগিব ।

বিশ্বায়নৰ অৰ্থ

ধাৰণা হিচাপে বিশ্বায়ন মানে প্রবাহ। প্রবাহ বিভিন্নধৰণৰ হ’ব পাৰে। যেনে— ধাৰণাৰ প্রবাহ, সামগ্ৰীৰ প্রবাহ, মানৱ সম্পদৰ প্ৰবাহ, নিয়োগ সন্ধানীৰ প্ৰবাহ, মস্তিষ্কৰ প্ৰবাহ ইত্যাদি। সেইবোৰৰ প্রবাহে বিশ্বৰ এখন ঠাইৰ পৰা অন্য ঠাইলৈ, এখন ৰাষ্ট্ৰৰ পৰা অন্য ৰাষ্ট্ৰলৈ, এখন মহাদেশৰ পৰা যিকোনো অন্যবোৰ মহাদেশলৈ বলিব পাৰে। এনেবোৰ প্ৰবাহৰ ফলত বিশ্বৰ যিকোনো অংশৰ পৰা বাসিন্দাসকলৰ যি মাজত আন্তঃসংযোগ গঢ়ি উঠে তাকেই  বিশ্বায়ন বুলি ক’ব পাৰি।

বিশ্বায়ন কাৰণ :

বিশ্বায়ন বুলিলে বিশ্বৰ সকলো ৰাষ্ট্ৰৰ জনসাধাৰণৰ মাজৰ আন্তঃনিৰ্ভৰশীলতা বৃদ্ধিৰ এক প্ৰক্ৰিয়াক সুচায় । এই বিশ্বায়নৰ ধাৰাটো উদ্ভৱ হোৱাৰ কাৰকসমূহ তলত বহলাই আলোচনা কৰা হ’ল—

1. প্ৰযুক্তিৰ উন্নতি: পৰিবহণ আৰু যোগাযোগৰ উদ্ভাৱনে সীমান্তৰ সিপাৰে সামগ্ৰী, সেৱা আৰু তথ্যৰ চলাচলত সহায় কৰিছে।

2. বাণিজ্য উদাৰীকৰণ: বাণিজ্যিক বাধা হ্ৰাস কৰা আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য চুক্তি স্বাক্ষৰিত হোৱাটোৱে বিশ্বজুৰি সামগ্ৰী আৰু সেৱাৰ বিনিময়ক প্ৰসাৰিত কৰিছে।

3. বিশ্ব অৰ্থনৈতিক সংহতি: আন্তঃসংযোগী বিত্তীয় বজাৰ আৰু বহুজাতিক নিগমৰ উত্থানে অৰ্থনীতিসমূহৰ মাজত আন্তঃনিৰ্ভৰশীলতা বৃদ্ধি কৰিছে।
4. বৰ্ধিত প্ৰত্যক্ষ বিদেশী বিনিয়োগ (FDI): ব্যৱসায়ীসকলে নতুন গ্ৰাহক, সম্পদ আৰু শ্ৰমৰ সুবিধা লাভ কৰিবলৈ বিদেশী বজাৰত বিনিয়োগ কৰি অৰ্থনৈতিক সংহতিৰ পোষকতা কৰিছে।
5. সাংস্কৃতিক বিনিময় আৰু তথ্যৰ প্ৰবাহ: বৰ্ধিত যোগাযোগে ধাৰণা, সংস্কৃতি আৰু মূল্যবোধৰ বিনিময়ত সহায় কৰিছে, যাৰ ফলত অধিক আন্তঃসংলগ্ন বিশ্ব সমাজৰ সৃষ্টি হৈছে।

বিশ্বায়নৰ বৈশিষ্ট্য (Characteristics of Globalisation):

উদাৰীকৰণ, বেচৰকাৰীকৰণ, মুক্ত বাণিজ্য, ৰাষ্ট্ৰীয় সম্প্ৰসাৰণ, ৰাজনৈতিক আৰু অর্থনৈতিক সংগঠনসমূহৰ সক্রিয়তা, বিশ্ব সামাজিক আন্দোলনৰ দ্রুত বৃদ্ধি আদি বিশ্বায়নৰ প্রধান বৈশিষ্ট্য।

বিশ্বায়নে ৰাষ্ট্ৰসমূহৰ মাজত সীমান্তৰ ব্যৱধান হ্রাস কৰি বিভিন্ন ৰাষ্ট্ৰৰ মাজত আদান-প্ৰদান কৰাত সহায়ক হৈছে। বিশ্বায়নৰ প্ৰধান বৈশিষ্ট্যসমূহ তলত বহলাই আলোচনা কৰা হল –

(১) বিশ্বায়ন এক অর্থনৈতিক প্রক্রিয়া : বিশ্বায়ন মুলতঃ এক অর্থনৈতিক প্ৰক্ৰিয়া যত ঘৰুৱা অর্থনীতিক বৈদেশিক বিনিয়োগৰ বাবে সম্পূর্ণভাবে মুক্ত কৰি দিয়া হয় ।

(২) মুক্ত বাণিজ্য (Free Trade): বিশ্বায়নে ৰাষ্ট্ৰসমূহৰ মাজত মুক্ত বাণিজ্যিক সম্পর্ক পোষকতা কৰে। বিশ্বায়ন প্রক্রিয়া দ্বাৰা মুক্ত বাণিজ্যৰ প্রসাৰ আৰু বাণিজ্যিক বাধা দুৰ কৰি ৰাষ্টসমূহক বাণিজ্যিক সুৰক্ষা প্ৰদান কৰা হয়।

(৩) উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ: বিশ্বায়ন প্রক্রিয়াটো উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ লগত যুক্ত হৈ আছে।

(৪) অর্থনৈতিক আত্মনির্ভশীলতা: বিশ্বায়নৰ পৰিনাম স্বৰূপে বিশ্বৰ ৰাষ্ট্ৰবোৰৰ অৰ্থব্যৱস্থা উন্মুক্ত হৈ পৰে। ফলত বিভিন্ন ৰাষ্ট্ৰৰ অর্থনৈতিক ব্যৱস্থাৰ মাজত এক পাৰস্পৰিক নিৰ্ভৰশীলতা সূচনা হয়।

বিশ্বায়নৰ বিভিন্ন দিশসমূহ (Different Dimensions of Globalisation):

বিশ্বায়ন হৈছে এনে এক প্রক্রিয়া যত বিভিন্ন সমাজৰ মাজত উত্তৰোত্তৰ সংযোগ স্থাপিত হয়, যাৰ ফলত বিশ্বৰ কোনো এক অংশৰ কোনো এক ঘটনাই বহু দূৰত অৱস্থিত জনসাধাৰণ অথবা সমাজৰ ওপৰত প্ৰভাৱ পেলায়। গতিকে এক প্রক্রিয়া হিচাপে বিশ্বায়নক তিনিটা দিশত অভিব্যক্তি (Manifestation) দেখিবলৈ পোৱা যায়। এই দিশ তিনিটা হৈছে ক্ৰমে – –

1. অৰ্থনৈতিক বিশ্বায়ন:

বিশ্বায়ন মূলতঃ এক অর্থনৈতিক প্রক্রিয়া য’ত প্ৰতিখন ৰাষ্ট্ৰৰ ঘৰুৱা অৰ্থনীতিক সম্পূর্ণভাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত মুক্ত কৰি দিয়া হয় আৰু ইয়াৰ ফলশ্ৰুতিত উৎপাদন, বিতৰণ আৰু বিনিময় এই সকলোবিলাকেই বজাৰ অৰ্থনীতিৰ স্বাভাৱিক নীতি নিয়মত পৰিণত হয়। এনেদৰে বিশ্বায়নে ৰাষ্ট্ৰ এখনৰ ঘৰৱা অৰ্থনীতি বিশ্ব অর্থনীতিৰ লগত একীভূত কৰাৰ পোষকতা কৰে। সেয়ে বিশ্বায়ন বুলিলে মূলতঃ অর্থনৈতিক কার্যকলাপৰ বিশ্বায়ন বুলি অভিহিত কৰা হয়। অর্থাৎ ই হৈছে এক অর্থনৈতিক আন্দোলন, যাৰ জৰিয়তে প্ৰতিখন ৰাষ্ট্ৰই আন্তঃৰাষ্ট্ৰীয় বজাৰত নিজা ব্যবসায়- বাণিজ্য মুক্তভাৱে চলাই যাব পাৰে। অৰ্থনৈতিক বিশ্বয়নে সাধাৰণতে বিশ্বৰ দেশ সমূহৰ মাজত সম্পদৰ বিতৰণ আৰু বিনিয়োগ ব্যৱস্থাক বুজায়।

(2) ৰাজনৈতিক বিশ্বায়ন (Political Globalisation): ৰাজনৈতিক বিশ্বায়নে সমগ্র বিশ্বব্যাপী ৰাজনৈতিক আন্তঃসম্পৰ্কৰ তীব্ৰতৰকৰণ আৰু বিস্তাৰিতকৰণ বুজায়। ৰাজনৈতিক বিশ্বায়নে আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাত ৰাষ্ট্ৰ যে প্ৰধান নায়ক সেই ধাৰনাৰ অৱসান হোৱাৰ কথা সূচায়। ই এনে এক গোলকীয় নাগৰিক সমাজ (Civil Society)ৰ পোষকতা কৰে য’ত স্থানীয় নাগৰিক সমাজবিলাকে প্রত্যক্ষভাৱে আৰু ৰাষ্ট্ৰসংঘৰ জৰিয়তে সম্পৰ্ক ৰক্ষা কৰি চলিব পাৰে।

৩) সাংস্কৃতিক বিশ্বায়ন (Cultural Globalisation): বিশ্বায়নৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশ দুটাৰ বাহিৰেও সাংস্কৃতিক দিশ এটা পৰিলক্ষিত হয়। ‘সংস্কৃতি’ অৱধাৰণাটো অতিশয় অর্থবহ। মানর জীৱনৰ সকলো দিশকে সামগ্রিকভাৱে ‘সংস্কৃতি’ পদটোৱে সাঙুৰি লয়। সাংস্কৃতিক বিশ্বায়নৰ অৰ্থ হৈছে “সমগ্ৰ বিশ্ব” ব্যাপী ৰাষ্ট্ৰবিলাকৰ মাজৰ সাংস্কৃতিক সম্পৰ্কৰ সম্প্ৰসাৰণ আৰু তীব্ৰতৰকৰণ। বিশ্বায়নৰ প্ৰভাৱ ব্যক্তিগত আৰু সামাজিক জীৱনৰ সৈতে ঘনিষ্ঠভাবে জড়িত ভাষা, ধর্ম, শিশু কলা, সমন্বিতে সমগ্র সাংস্কৃতিক দিশ আৰু ধাৰণাৰ ওপৰত বিয়পি পৰাৰ উপক্ৰম হৈছে আৰু সেয়েহে এনে স্থলত বিশ্বায়নৰ পৰিণতিত এক সাংস্কৃতিক ঐক্য দেখিবলৈ পোৱা গৈছে ।

বিশ্বায়নৰ ফলশ্ৰুতি (Consequences of Globalisation):

বিশ্বায়নৰ প্ৰভাৱে বিশ্ব অর্থনীতিৰ এক আমূল পৰিৱর্তন সাধন কৰিছে আৰু ই আন্তৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰতিটো স্তৰতে এক উল্লেখনীয় প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত বিশ্বায়নে এক নতুন শৃংখলাৰ সূচনা কৰাৰ উপৰি মানৱ অধিকাৰৰ ক্ষেত্ৰত প্ৰত্যাহ্বান তথা সুযোগৰ সূচনা কৰিছে। বিশ্বায়নৰ ফলশ্রুতি আমি ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক এই তিনিটা ক্ষেত্ৰত আলোচনা কৰিব পাৰোঁ যদিও বিশ্বায়নৰ প্ৰভাৱ সমাজ জীৱনৰ প্ৰত্যেক ক্ষেত্ৰতেই উপলব্ধি কৰিব পৰা যায়।

বিশ্বায়নৰ ৰাজনৈতিক ফলশ্রুতি (Political Consequences of Globalisation):

বিশ্বায়নৰ ধাৰণাটো ৰাজনৈতিক কার্যকলাপৰ লগত জড়িত আৰু বিশ্ব ৰাজনীতিত ইয়াৰ সুদূৰপ্ৰসাৰি প্ৰভাৱ পৰিলক্ষিত হয়। ৰাষ্ট্ৰৰ ৰাজনীতি তথা ৰাষ্ট্ৰ ব্যৱস্থাৰ ওপৰত বিশ্বায়নে বিভিন্ন ধৰণে প্ৰভাৱ পেলাইছে। এই প্রভাব সম্পর্কে বিভিন্ন বিতর্ক পৰিলক্ষিত হয়। বিশ্বায়নে ৰাজনীতি আৰু ৰাষ্ট্ৰ ব্যৱস্থাৰ ওপৰত পেলোৱা প্রভাৱ সম্পর্কে নিম্নোক্ত ধৰণে আলোচনা কৰিব পাৰি।

বিশ্বায়নে জাতীয় ৰাষ্ট্ৰবিলাকৰ ক্ষমতা সংকুচিত কৰিছে। বিশ্বায়নৰ যুগত ৰাষ্ট্ৰৰ কাৰ্যাৱলী কেইটামান ঐচ্ছিক কাৰ্য, যেনে – আভ্যন্তৰীণ আইন শৃংখলা ৰক্ষা কৰা আৰু বহিঃশত্ৰুৰ আক্ৰমণৰ পৰা নাগৰিকক ৰক্ষণাবেক্ষণ দিয়াতেই সীমাবদ্ধ। আনকথাত ক’ব পাৰি যে পূৰ্বৰ কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণা বৰ্তমান সীমিত ৰাষ্ট্ৰলৈ পৰ্যবেসিত হৈছে। আনহাতে অর্থনৈতিক আৰু সামাজিক তথা জনকল্যাণকামী কাৰ্যাৱলীসমূহ সম্পাদন কৰাৰ কাৰণে অনা-চৰকাৰী সংস্থা, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আৰু অন্যান্য আনুষংগিক আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ নীতিৰ কাৰ্যকৰীকৰণৰ ফলস্বৰূপে জাতীয় ৰাষ্ট্ৰসমূহ বিশেষকৈ তৃতীয় বিশ্বৰ উন্নয়নশীল ৰাষ্ট্ৰবিলাক উপায়ান্তৰ হৈ পৰিছে।

সমাজবাদী ব্যৱস্থাৰ অৱসান ঘটাৰ ফলত সমগ্ৰ বিশ্ব মার্কিন পুঁজিবাদী ৰাষ্ট্ৰৰ পৰোক্ষ নিয়ন্ত্রণাধীন হৈ পৰাত জাতীয় ৰাষ্ট্ৰবিলাকৰ সাৰ্বভৌমৰ প্ৰতি এক ভাবুকিৰ সৃষ্টি কৰিছে। অর্থনৈতিক নিয়ন্ত্ৰণৰ সুযোগত তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক কার্যকলাপত আমেৰিকাৰ নিয়ন্ত্ৰণ স্পষ্ট হৈ পৰিছে। উদাহৰণ স্বৰূপে পূব এছিয়াৰ ৰাষ্ট্ৰবিলাকত সাম্প্ৰতিক কালত সংঘটিত ঘটনাবলীৰ বিষয়ে উল্লেখ কৰিব পাৰি।

আনহাতে কিছুমান বিশেষজ্ঞৰ মতে, বিশ্বায়নে জাতীয় ৰাষ্ট্ৰবিলাকৰ কাৰ্যৰ পৰিসৰ সম্প্ৰসাৰিত কৰিছে। প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলত ৰাষ্ট্ৰীয় চৰকাৰে জনগণৰ আশা-আকাংক্ষা, অভাব-অভিযোগ আদিৰ বিষয়ে অবগত হৈ তাক পূৰণ কৰিবলৈ বিভিন্ন ধৰণৰ আঁচনি প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে। তদুপৰি উন্নত ৰাষ্ট্ৰবিলাকৰ লগত সংগতি ৰাখি উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ জনগণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে ভিন্ন ভিন্ন আঁচনি ৰাষ্ট্ৰীয় চৰকাৰে গ্ৰহণ কৰা দেখা যায়।

বিশ্বায়নৰ অৰ্থনৈতিক ফলশ্রুতি (Economic Consequences of Globalisation):

বিশ্বায়নৰ প্ৰভাৱত বিশ্বৰ প্ৰায়বিলাক ৰাষ্ট্ৰৰ অৰ্থনৈতিক উৎপাদন আৰু বিতৰণ ব্যৱস্থা বহুজাতিক নিগমসমূহৰ দ্বাৰা নিয়ন্ত্রিত হোৱা দেখা যায়।

বিশ্বায়নৰ ফলশ্ৰুতিত ৰাষ্ট্ৰসমূহৰ মাজত বাণিজ্যিক লেনদেন আৰু আদান-প্রদান ক্রমাগতভাৱে বৃদ্ধি পাইছে। সেয়েহে, প্রত্যেক ৰাষ্ট্ৰই বাণিজ্যিক ক্ষেত্ৰত থকা ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণ ধীৰে ধীৰে হ্ৰাস কৰিবলৈ বাধ্য হৈছে। ফলত আমদানি বৃদ্ধি পোৱাৰ লগতে বিদেশী পুঁজি বিনিয়োগো বৃদ্ধি পাইছে। এই সুযোগত উন্নত দেশসমূহৰ পুঁজি বিনিয়োগকাৰী সংস্থাসমূহে নিজ দেশৰ বাহিৰত অন্যান্য অনুন্নত আৰু উন্নয়নশীল দেশসমূহত পুঁজি বিনিয়োগ কৰি বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।

অর্থনৈতিক বিশ্বায়নৰ ফলত ৰাষ্ট্ৰসমূহৰ মাজত সাৰ্বজনীন অর্থনীতিৰ পৰিবৰ্তে ৰাষ্ট্ৰভেদে ভিন ভিন নীতি পৰিলক্ষিত হয়। অর্থনৈতিক ক্ষেত্ৰত বিশ্বায়নৰ প্ৰভাৱৰ আৰু এটা দিশ হ’ল সমাজত ধনী-দুখীয়াৰ মাজত প্রভেদ ক্রমান্বয়ে বাঢ়ি যোৱা। মুক্ত অর্থনীতিয়ে সমাজৰ ধনী শ্ৰেণীক উপকৃত কৰাৰ লগতে সাধাৰণ শ্ৰেণীৰ অৱস্থা দিনে দিনে শোচনীয় কৰি তুলিছে। মুক্ত বজাৰ ব্যৱস্থাত বহুজাতিক কোম্পানীৰ প্ৰৱেশ বৃদ্ধি পাইছে, আনহাতে চৰকাৰী যন্ত্ৰৰ পুতৌলগা অৱস্থাৰ সৃষ্টি হৈছে। সাধাৰণ শ্ৰেণীৰ মানুহ শিক্ষা-চাকৰি আদিৰ ক্ষেত্ৰত পিছপৰাৰ ফলত সমাজত শ্রেণী বৈষম্য বৃদ্ধি পোৱা দেখা যায়। সেয়েছে, বিশ্বায়নৰ সমালোচকসকলে ইয়াক নব্য উপনিবেশবাদৰেই আন এক ৰূপ বুলি ক’ব বিচাৰে।

অর্থনৈতিক ক্ষেত্ৰত বিশ্বায়নৰ সুফলো নুই কৰিব নোৱাৰি। এই ব্যৱস্থাই ৰাষ্ট্ৰসমূহৰ মাজত অর্থনৈতিক ক্ষেত্ৰত পাৰস্পৰিক নিৰ্ভৰশীলতা আৰু একতা স্থাপন কৰিছে। সমৰ্থকসকলৰ মতে, অর্থনৈতিক বিশ্বায়ন হৈছে ইতিহাসৰ বিৱৰ্তনৰ এক স্তৰ, যাক মানৱ সমাজে এৰাই চলিব নোৱাৰে। অর্থনৈতিক বিশ্বায়নে ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক সম্পৰ্ক আৰু একতা স্থাপনৰ লগতে আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰত বাণিজ্যিক উদ্যোগসমূহৰ তথা বিশ্বৰ জনসাধাৰণৰ মাজত ভাতৃত্ববোধ গঢ়ি তুলিছে।

বিশ্বায়নৰ সাংস্কৃতিক ফলশ্রুতি (Cultutral Consequences of Globalisation):

বিশ্বায়নৰ প্ৰভাৱ অকল অর্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্রতেই নহয়, সাংস্কৃতিক ক্ষেত্ৰতো দেখা যায়। বিশ্বৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণৰ ভিন্ন ভিন্ন খাদ্যাভ্যাস, পোছাক পৰিচ্ছদ, নৃত্য-গীত আদিৰ ওপৰত বিশ্বায়নৰ প্ৰভাৱৰ ফলত পৰম্পৰাগত সংস্কৃতিত এক আমূল পৰিৱৰ্তন পৰিলক্ষিত হয়।বিশ্বায়নৰ ফলশ্রুতিত ৰাষ্ট্রৰ নাগৰিকসকল নিজ নিজ সাংস্কৃতিক পৰম্পৰাৰ মাজতেই আবদ্ধ হৈ আবদ্ধ হৈ থকা নাই । বিশ্বায়ন প্ৰক্ৰিয়াৰ ফলত এখন সমাজৰ সংস্কৃতিয়ে আন ৰাষ্ট্ৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে আৰু সমগ্ৰ বিশ্বত এক সাংস্কৃতিক ঐক্যৰ আবিৰ্ভাৱ হৈছে।

বহু ৰাজনীতিবিদে এনে সাংস্কৃতিক ঐক্যক বিশ্ব সংস্কৃতিৰ ৰূপ দিবলৈ চেষ্টা এটি কৰে যদিও এই ধাৰণা গ্রহণযোগ্য নহয় কিয়নো বর্তমান সময়ত বিশ্ব সংস্কৃতিৰ একত্রিকৰণৰ নামত চলা পশ্চিমীয়া সংস্কৃতিয়ে দুখীয়া অনুন্নত ৰাষ্ট্র সমূহত কিছুমান অপসংস্কৃতিৰ সৃষ্টি কৰিছে । বহিঃ সংস্কৃতিৰ নামত আমেৰিকাকে প্রমুখ্য কৰি ইউৰোপীয়ান সংস্কৃতি তৃতীয় বিশ্বৰ দেশসমুহৰ ওপৰত জাপি দিয়া হৈছে ।এনেদৰে বিশ্বৰ প্ৰতিখন কম শক্তিশালী দেশেই নিজৰ মূল্যবান সাংস্কৃতিক এৰি বেলেগ দেশৰ সংস্কৃতি গ্ৰহণ কৰিছে। এনে ব্যৱস্থাই কেৱল দুখীয়া দেশসমূহৰ প্ৰতিয়েই ভাবুকিৰ সৃষ্টি কৰা নাই বৰঞ্চ সমগ্ৰ মানৱ জাতিৰ সমুখত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।

এইখিনিতে উল্লেখনীয় যে বিশ্বায়নৰ সাংস্কৃতিক ফলশ্রুতি বুলিলে আমি কেৱল ইয়াৰ ঋণাত্মক দিশটোৰ কথা উল্লেখ কৰিলেই নহ’ব। এখন দেশৰ সংস্কৃতি স্থবিৰ নহয়; ই পৰিৱৰ্তনশীল। বিশ্বৰ প্ৰতিখন দেশৰ সংস্কৃতি আন দেশৰ দ্বাৰা প্ৰভাৱান্বিত হয়। এনে ধৰণৰ বাহিৰা প্ৰভাৱে আমাৰ সমুখত পছন্দৰ বহু সুবিধা মুকলি কৰি দিয়াৰ লগতে পৰম্পৰাগত সংস্কৃতিৰ সংস্কাৰ সাধন কৰে । বৰঞ্চ দুয়োটা সংস্কৃতিৰ সংমিশ্ৰণত গঢ় লৈ উঠা নতুন সংস্কৃতিয়ে বিশ্বৰ সমূহ জনসাধাৰণক ওচৰ চপাই অনাত সহায় কৰে।

সামৰণি:

ওপৰৰ আলোচনাৰ পৰা আমি বিগত দুটা দশক ধৰি চলি থকা বিশ্বায়ন প্ৰক্ৰিয়াৰ চৰিত্ৰ আৰু ফলশ্ৰুতি সম্পর্কে বুজি উঠিলো। বিশ্বায়ন প্রক্রিয়াই মানৱ জাতিৰ সমুখত বহুবোৰ নিত্য নতুন পণ্য তথা সুযোগ-সুবিধা তুলি ধৰিছে যদিও এই প্ৰক্ৰিয়া বিভিন্ন বৈষম্যৰে পৰিপূৰ্ণ ।

বিশ্বায়ন বুলিলে কেৱল অর্থনৈতিক বা সাংস্কৃতিক ক্ষেত্ৰতেই ইয়াক সীমাৱদ্ধ কৰিব নোৱাৰি। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেখা যায় যে, কোনো এখন দেশৰ ৰাজনৈতিক অস্থিৰতাই আন দেশৰ ৰাজনৈতিক আৰু অর্থনৈতিক ক্ষেত্ৰতো উল্লেখনীয় পৰিৱৰ্তন আনে।

বিশ্বায়নৰ বাবে বিভিন্ন সমাজৰ মাজত ক্ৰমান্বয়ে পাৰস্পৰিক নিৰ্ভৰশীলতা স্থাপিত হয়; যাৰ ফলত বিশ্বৰ কোনো এক প্ৰান্তৰ ঘটনাই বহু দূৰত অৱস্থিত অন্য দেশৰ জনসাধাৰণ নাইবা সমাজৰ ওপৰতো প্ৰভাৱ পেলায়। বিশ্বায়নৰ ফলত পৃথিৱীৰ ৰাজনৈতিক, অর্থনৈতিক, সাংস্কৃতিক আৰু সামাজিক ঘটনাসমূহ পাৰস্পৰিকভাৱে নিৰ্ভৰশীল হৈ উঠে আৰু সেইবিলাকৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হয়।

সহায়ক গ্ৰন্থপঞ্জী :

১) সাম্প্ৰতিক কালৰ বিশ্ব ৰাজনীতি: অধ্যাপক নায়ক- পাল – দত্ত – চক্ৰৱ্তী

error: Content is protected !!