শিশু লীলা কবিতা (Sishu Lila) class 9 Assamese Assam

শিশু লীলা
দিনেক যশোদা নন্দ জায়া ।
আপুনি মথন্ত দধি গৈয়া ।।
কৃষ্ণৰ শৈশৱ লীলাক স্মৰি।
কৃষ্ণগীত  গাৱন্ত সুন্দৰী ।।
ক্ষৌম বস্ত পিন্ধি দিব্য কাছে ।
কটিত মেখেলা বান্ধি আছে ।।
পুত্ৰস্নেহে স্ৰৱে দুয়ো স্তন ।
আজোড়ন্তে লড়ে ঘনে ঘন ।।
ৰুণ ঝুণ কেয়ূৰ ককণ ।
শ্ৰম জলে উজ্জ্বল বদন ।।
কণত কুন্তল দোলে আতি ।
খসি পড়ে খোপাৰ মালতি ।।
এহিমতেমতে মথন্তে প্ৰয়াসি ।
মাৱক ধৰিলা কৃষ্ণে আসি ।
মথনিত ধৰিয়া নিষেধি ।
মথিবাক মেদে আউৰ দধি ।।
হাসি কোলে লৈলা নন্দ জায়া ।।
দিলা স্তন পুত্ৰমুখ চায়া ।।
শব্দাথ আৰু টোকাঃ
আউৰ               আৰু।
আখি                 চকু।
আজোড়ন্তে      আজুৰি থাকোঁতে ।
কঙ্কণ                খাৰু।
কোপে               খঙত।
খসি                   খহি।
চাণ্ড                  জোৰকৈ ।
ছায়া                  চাই।
ডৰে                  ভয়তে ।
দশন                 দাঁত।
দিব্য়                  স্বগীয়  ।
দোলে               দুলি থাকে , লৰে।
নন্দজায়া          নন্দৰজাৰ পত্নী।
নিষেধি             বাধা দি।
পশিলন্ত           সোমালহি।
প্ৰয়াসি              যত্ন কৰি ।
বদন                 মুখ।
বসি                  বহি।
ভঞ্জন্ত              খালে।
নথনি               গাখীৰ ঘুঁটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি।
মহাত্ৰাস          খুব বেছি ভয় খোৱা।
মেলান             মেল খোৱা বা মুকলি হোৱা।
শিকিয়া            কোনো বস্তু ওপৰত আঁৰি থবৰ বাবে ৰাচিৰে প্ৰস্তুত কৰা এবিধ সঁজুলি।
শ্ৰোণী ভৰে       নিতম্ব বা তপিনাৰ ভৰত।
সিঞ্চিৰাই           ছটিয়াই দি, সিঁচি দি .
স্ৰৱৈ                  বৈ থকা।
ক্ষৌম বস্ত্ৰ        পাটৰ কাপোৰ।
প্ৰশ্নাৱলীঃ
১। অতি চমু প্ৰশ্নৰ উত্তৰ লিখা।
 
(ক) ‘কৃষ্ণগীত গাৱন্ত সুন্দৰী’।।
        —-কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন?
উত্তৰঃ ‘কৃষ্ণগীত গাৱন্ত সুন্দৰী’ — কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী হ’ল যশোদা।
(খ) ‘কণত কুণ্ডল দোলে অতি।’
       —কাৰ কণৰ কুণ্ডলৰ কথা কৈছে?
উত্তৰঃ ‘কণত কুণ্ডল দোলে অতি’ ইয়াত যশোদাৰ কনৰ কুণ্ডলৰ কথা কোৱা হৈছে।
(গ) ‘কাম্পে কোপে অৰুণ অধৰ।’
      —-ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে?
উত্তৰঃ কাম্পে কোপে অৰুণ অধৰ’ ইয়াত শ্ৰীকৃষ্ণৰ অৰুন অধৰৰ কথা কোৱা হৈছে।
(ঘ) ‘মথনিত ধৰিয়া নিষেধি’।
 —-‘মথনি’ শব্দৰ অৰ্থ কি?
উত্তৰঃ ‘মথনি’ শব্দৰ অৰ্থ হ’লঃ গাখীৰ ঘুঁচিবলৈ ব্যৱহাৰ কৰা এবিধ সজুলি।
 
(ঙ) ‘নোজোড়ে আঙ্গুল দুই জৰী’—-ইয়াত কাৰ জৰীৰ নাটনি হৈছে?
উত্তৰঃ ‘নোজোড়ে আঙ্গুল দুই জৰী’ — ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ  মাক যশোদাৰ জৰীৰ নাটনি হৈছে।
(চ) ‘ৰুণ ঝুণ কেয়ূৰ কঙ্কণ’ ।
     —-কাৰ কেয়ূৰ কঙ্কণৰ ‘ৰুণঝুণ’ শব্দৰ কথা ইয়াত কোৱা হৈছে?
উত্তৰঃ ‘ৰুণ ঝুণ কেয়ূৰ কঙ্কণ’ — ইয়াত যশোদাৰ কেয়ূৰ কঙ্কণৰ ‘ৰুন-ঝুন’ শব্দৰ কথা কোৱা হৈছে।

2. শিশুলীলা’ পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা।

‘শিশুলীলা’ কবিতাটোৰ দ্বাৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভগৱান শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপৰ উপৰিও সাধাৰণ মানৱ শিশুৰ ৰূপটোও অতি সুন্দৰ ভাৱে অংকন কৰিছে।

সাধাৰণ মানৱ শিশুৱে যিদৰে মাকক আমনি কৰে বা মাকৰ আগত অভিমান কৰে, ঠিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণইয়ো মাক যশোদাক আমনি কৰিছে আৰু মাকৰ আগত অভিমান কৰিছে।

সাধাৰণ মানৱ শিশুৰ দৰে শ্ৰীকৃষ্ণই মাতৃ যশােদাৰ কোলাত উঠি স্তন পান কৰিছে । কিন্তু মাকে কোলাৰ পৰা নমাই দিয়াত তেওঁৰ খং উঠিছে আৰু মাকৰ মনযোগ আকৰ্ষণ কৰাৰ বাবে গাখীৰ থােৱা কোঠালিলৈ গৈ শিল দলিয়াই গাখীৰৰ পাত্ৰবােৰ ভাঙিছে। শিকিয়াৰ পৰা লৱণু নমাই নিজেও খাইছে আৰু বান্দৰকো খােৱাইছে।

কৃষ্ণৰ কাণ্ড দেখা পাই যশােদাই কৃষ্ণক মাৰিবলৈ খেদা মাৰিছে ।

মাতৃ যশােদাৰ এনে কার্যত সাধাৰণ শিশুৰ দৰেই শিশু কৃষ্ণই উৰালৰপৰা নামি দৌৰ মাৰিছে। পিছত মাকৰ ভাগৰ লগা দেখি মাকৰ হাতত ধৰাও দিছে।

এইবোৰ কাৰ্য্যৰ দ্বাৰা শিশুলীলা’ পাঠটিত শ্ৰীমন্ত শংকৰদেৱে শ্রীকৃষ্ণৰ চৰিত্রটি এটি সাধাৰণ মানৱ শিশু হিচাপে অঙ্কিত কৰিছে।

৩। শংকৰদেৱৰ মহত্ত্বম সৃষ্টি ‘কীতন-ঘোষা’ৰ বিষয়ে এটি চমুটোকা লিখা। 

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হল- ‘কীৰ্ত্তন -ঘোষা’

আজিৰ পৰা প্ৰায় ৫০০ বছৰ পূৰ্বে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ‘এক শৰণ নাম ধৰ্ম’ প্ৰচাৰৰ অৰ্থে কীৰ্ত্তন -ঘোষা ভাগ ৰচনা কৰিছিল। কীৰ্ত্তন -ঘোষাক মহাপুৰুষজনাই ৰচনা কৰা শ্ৰেষ্ঠ পুথি হিচাপে গণ্য কৰা হয়।

প্ৰতিকূল পৰিৱেশ আৰু ধৰ্ম প্ৰচাৰৰ অৰ্থে বিভিন্ন ঠাই ঘুৰি ফুৰিব লগা হোৱা বাবে তেওঁ অসংখ্য ঠাইত পুথি সমূহ ৰচনা কৰিছিল।

কীৰ্ত্তন -ঘোষাৰ অন্তৰ্গত বিভিন্ন খণ্ড সমূহো সেইদৰে ভিন ভিন ঠাইত ৰচনা কৰিছিল। শঙ্কৰদেৱৰ পৰলোকৰ পিছত তেওঁৰ প্ৰিয়তম শিষ্য মাধৱদেৱে তেওঁৰ ভাগিনিয়েক ৰামচৰণ ঠাকুৰক ‘কীৰ্ত্তন -ঘোষা’ৰ বিভিন্ন অংশবিলাক সংগ্ৰহ কৰি সম্পাদনা কৰিবলৈ উপদেশ দিয়ে। সেই উপদেশ অনুসৰি ৰামচৰণ ঠাকুৰে কীৰ্ত্তন -ঘোষাৰ অন্তৰ্গত খণ্ডসমূহ সংগ্ৰহ কৰি ১৫৯৬ খৃঃত মাধৱদেৱৰ হাতত দিয়ে।

কীৰ্ত্তন -ঘোষাৰ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি খণ্ডবোৰক তিনি ভাগত ভাগ কৰা হৈছে –

১. লীলা বিষয়ক

২. লীলাহীন প্ৰাৰ্থনা, তত্ত্ব আৰু ব্যৱস্থা প্ৰধান

৩. অন্য কাহিনী আৰু তীৰ্থ ব্যৱস্থা প্ৰধান

বিভিন্ন ছন্দৰ প্ৰয়োগ, ৰসৰ প্ৰাধান্য তথা শ্ৰীকৃষ্ণৰ গুনানুকীৰ্ত্তনৰে ভৰপুৰ কীৰ্ত্তন -ঘোষাত ২৭টা অধ্যায় আছে।

অধ্যায়সমূহ হ’ল:

-চতুৰ্বিংশতি অৱতাৰ বৰ্ণন

-নাম অপৰাধ

-পাষণ্ড মৰ্দন

-ধ্যান বৰ্ণন

-অজামিল উপাখ্যান

-প্ৰহ্লাদ চৰিত,

-গজেন্দ্ৰ উপাখ্যান

-হৰমোহন

-বলিছলন

-শিশুলীলা

-ৰাসক্ৰীড়া

-কংস বধ

-গোপী-উদ্ধৱ সংবাদ

-কুঁজীৰ বাঞ্চা পূৰণ

-অক্ৰুৰৰ বাঞ্চা পূৰণ

-জৰাসন্ধৰ যুদ্ধ

-কালযবন বধ

-মুচুকুন্দৰ স্তুতি

-স্যামন্তক হৰণ

-নাৰদৰ কৃষ্ণ দৰ্শন

-বিপ্ৰ পুত্ৰ আনয়ণ

-বিপ্ৰ দামোদৰ আখ্যান

-দৈৱকীৰ পুত্ৰ আনয়ণ

-বেদস্তুতি

-কৃষ্ণলীলা মালা

-শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ

-উৰেষা বৰ্ণন

-ভাগৱতৰ তাৎপৰ্য্য

৯। মহাকোপে কোঠা পশিলন্ত

সিঞ্চিৰাই লৱনু ভুজন্ত।।

কোন অতি খঙেৰে কোঠাত সোমাইছিল? তেওঁ কিয় লৱণুবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা।

উত্তৰঃ শিশু কৃষ্ণই অতি খঙেৰে কোঠাত সোমাইছিল।

যশোদাই দধি মথি থাকোতে সাধাৰণ শিশুৰ দৰেই কৃষ্ণই মাকৰ স্তন পান কৰিবলৈ মাকক আমনি কৰিছিল আৰু পুত্ৰস্নেহত আপ্লুত হৈ যশোদাই কৃষ্ণক কোলাত লৈ স্তন পান কৰাইছিল। কিন্তু ঠিক তেনে সময়তে জুহালত বহাই থোৱা গাখীৰ উতলি পৰিবলৈ ধৰাত যশোদাই কৃষ্ণক কোলাৰ পৰা নমাই দিছিল।

মাকে এনেদৰে কোলাৰ পৰা নমাই থৈ যোৱাৰ বাবে আৰু মাতৃদুগ্ধ পান কৰিবলৈ নোপোৱাৰ বাবে কৃষ্ণৰ মাকৰ ওপৰত খং উঠিছিল। সেয়েহে কৃষ্ণই দধিৰ পাত্ৰবোৰ শিলগুটি মাৰি ভাঙি লৱণু বোৰ চাৰিওফালে সিঁচৰিত কৰাৰ লগতে নিজেও খাইছিল।

ভাষা বিষয় ঃ
১১। তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ  সমাথক শব্দ লিখাঃ
কৰ্ণঃ কান
অৰুণঃ সূয্য
দধিঃ দৈ
বস্ত্ৰঃ কাপোৰ
বদনঃ মুখ
লৱণুঃ মাখন
কোপঃ খং, ৰাগ
দশনঃ দাঁত
দুগ্ধঃ গাখীৰ
ঈশ্বৰঃ ভগৱান
১২। তলৰ পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰুপ লিখ ঃ
তাহাঙ্কঃ তেওঁক
নোজোৰেঃ নাটে
খসিঃ খহি
ৰহিলঃ ৰল
আসিঃ আহি
ভৈলাঃ হ’ল
আসান্তঃ আহিছে
শিলায়েঃ শিলেৰে
কাম্পেঃ কঁপে
মাৱকঃ মাকক
বসিঃ বহি
প্ৰয়াসিঃ চেষ্টাকৰা
খেদন্তঃ খেদিলে
১৩। তলৰ শব্দকেইটাত কি কি কাৰণত মূদ্ধন্য ণ আৰু মূদ্ধন্য ষ হৈছে বুজাই লিখাঃ
অৰুণ, কঙ্কণ, কৰ্ণ, শ্ৰোণী, ভাণ্ড, নিষেধি
উত্তৰঃ
অৰুনঃ ঋ, ৰ, ষ আৰু ‘নʼ ৰ মাজত স্বৰবৰ্ণ থকাৰ বাবে `নʼ ৰ ঠাইত `ণʼ হৈছে।
কঙ্কণঃ স্বাভাৱিকতে  `ণʼ হৈছে।
কৰ্ণঃ ঋ, ৰ, ষ `নʼ মাজত থাকিলে শেষৰ `নʼ `ণʼ হয়। ইয়াত ৰ কাষৰ পিছত স্বৰবৰ্ণ থকাৰ বাবে শেষৰ `নʼ `ণ ʼ হৈছে।
ভাণ্ডঃ `টʼ বৰ্গৰ আখৰেৰে যুক্ত হোৱা বাবে `নʼ `ণʼ হৈছে।
নিষেধঃ ই কাৰান্ত উপসৰ্গৰ পিছত স্থা, সিধ্, সিচ, লস্ প্ৰভৃতি ধাতুৰ `সʼ `ষʼ  হয়।
১৪। পাঠটোত থকা অসমাপিকা ক্ৰিয়া শব্দ পাঁচোটা বাছি উলিয়াই লিখা।
উত্তৰঃ পিন্ধি, গৈয়া, বান্ধি, ধৰিয়া, পিবে।

Also Read

error: Content is protected !!