অন্ধবিশ্বাস আৰু কু সংস্কাৰ – জয়ন্ত মাধৱ বৰা

ভাব বিষয়কঃ
১) চমু উত্তৰ দিয়াঃ

ক) উৰাবাতৰি মানে কি?
উত্তৰ:- যিবোৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়, অথচ অজ্ঞতাৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ বাবেই উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য, বিবেকশূন্য কিছুলোকে সেই বাতৰিক সত্য বুলি বিশ্বাসো কৰে সেয়াই উৰাবাতৰি।

খ) কু সংস্কাৰ বুলিলে কি বুজা?
উত্তৰ:- যিবোৰ নীতি নিয়ম, ব্যৱস্থা, পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী, সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়ে সেইবোৰেই কুসংস্কাৰ।

গ) `অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা’। – কথাষাৰ কোনে কৈছিল?
উত্তৰ:- `অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বুজা’ – কথাষাৰ ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল।

ঘ) কোনখন সন্ধিৰ পিছত কেতিয়া অসম বৃটিছৰ অধীনলৈ যায়?
উত্তৰ:- ১৮২৬ খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধিৰ পিছত অসম বৃটিছৰ অধীনলৈ যায়।

ঙ) অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকল কেনে ধৰণৰ ৰোগত আক্ৰান্ত হৈছিল?
উত্তৰ:- অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকল কলেৰা ৰোগত আক্ৰান্ত হৈছিল।

৩। কি কি কাৰণত অন্ধবিশ্বাস, কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্রভাবিত হয়?

অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হোৱাৰ প্ৰধানকৈ সাতটা কাৰণ উল্লেখ কৰিছে কাৰণসমূহ হল –

১) জ্ঞানৰ অভাৱৰ বাবেই মানুহ কুসংস্কাৰ, অন্ধবিশ্বাসৰ দ্বাৰা প্ৰভাৱিত হয়। শিক্ষা লাভ কৰিলেও বহুতো মানুহ অধ্যয়নশীল নহয়।অধ্যয়নবিমুখিতাৰ কাৰণেই মানুহে আবেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰে।

২) মানুহৰ নেতিবাচক দৃষ্টিভংগীৰ বাবে আৰু ভোগসৰ্বস্ব, অধ্যয়নবিমুখ চৰিত্ৰৰ বাবেও অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ দ্বাৰা প্ৰভাৱিত হয়।

৩)দায়িত্বশীল লোকসকলে ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থ সিদ্ধিৰ বাবে সমাজৰ ক্ষতিকাৰক কাম কৰিবলৈও কুন্ঠাবোধ নকৰাৰ ফলতো কিছুমানলোক বিভিন্ন অন্ধবিশ্বাস, কুসংস্কাৰ দ্বাৰা প্ৰভাৱিত হৈ আহিছে।

৪)শিক্ষাৰ এক অন্যতম অংগ হৈছে ভ্ৰমণ। ভ্ৰমণে মনৰ পৰিধি বহল কৰে। ভিতৰুৱা যোগাযোগ ব্যৱস্থাৰ সুবিধা নথকা অঞ্চলৰ বহু লোকে মনৰ ভাব বাহিৰৰ অঞ্চলৰ লোকৰ সৈতে বিনিময় কৰাৰ সুবিধা নাপায়। বিনিময় যদি নহয়েই, মনৰ দিগন্ত প্ৰসাৰিত হব কেনেকৈ? জনসাধাৰণৰ অন্ধবিশ্বাসী হোৱাৰ, কুসংস্কাৰ সাৱটি থকাৰ ইও এটা কাৰণ।

৫) কষ্ট নকৰাকৈ কম আয়াসতে আমাক সকলো লাগে । কষ্ট নকৰাকৈ সাফল্য লাগে, কষ্ট নকৰাকৈ ধন-সম্পত্তি ঘটিবলৈ লাগে, ভোগ-বিলাসত মত্ত হবলৈ লাগে। সহজে সকলো পাবৰ বাবেও মানুহ অন্ধবিশ্বাসী হয়।

৬) বিজ্ঞান সন্মত মানসিকতাৰ অভাৱৰ বাবেও মানুহ অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ দ্বাৰা প্ৰভাৱিত হয়।

৭)স্বাৰ্থ-পূৰণৰ বাবেও কিছুমান অসৎ প্রবৃত্তিৰ লোকে কেতিয়াবা সমাজত অন্ধবিশ্বাস বিয়পাই দিয়ে। এনেধৰণৰ উৰাবাতৰিয়ে মানুহক উত্তেজিত কৰি তোলে

 

প্ৰশ্ন নং ৭। বাখ্যা কৰা

ক) অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা।

উত্তৰ:- ‘অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা’- উদ্ধৃত বাক্যশাৰী প্ৰসিদ্ধ গল্পকাৰ, ঔপন্যাসিক জয়ন্ত মাধব বৰাৰ দ্বাৰা ৰচিত “ অন্ধ বিশ্বাস আৰু কুসংস্কাৰ” প্ৰৱন্ধটিৰ অন্তৰ্গত ।

অন্ধবিশ্বাস, কুসংস্কাৰে সমাজক কেনেদৰে প্ৰভাৱিত কৰি আহিছে- এই সম্পর্কে আলোচনা কৰিবলৈ গৈ প্ৰবন্ধৰ আৰম্ভণিতে ড ° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ এই উক্তিষাৰি উল্লেখ কৰিছে।

দূষিত বায়ু, অবাঞ্চিত বিশৃংখল শব্দ, মাটি, পানী এইবোৰৰ প্ৰদূষণে আমাৰ চৌপাশৰ পৰিৱেশ যেনেদৰে প্ৰদূষিত কৰি মানুহৰ সুস্হ জীৱন ধাৰণৰ প্ৰণালীত প্রতিকূলতাৰ সৃষ্টি কৰে, ঠিক সেইদৰে অন্ধবিশ্বাস আৰু কুসংস্কাৰেও প্ৰেম, মমতা, মানৱতা আদি মানৱীয় প্ৰমূল্য সমূহক আঘাত কৰি সভ্য মানৱ সমাজ এখনক কলুষিত কৰে।

জনজীৱনৰ সুস্থ জীৱন ধাৰণৰ ব্যৱস্থাটোক বিপর্যস্ত কৰি সমাজখনক অশান্ত আৰু অস্থিৰ কৰি তোলে। অথচ এই অন্ধবিশ্বাস, কুসংস্কাৰ, উৰাবাতৰিৰ অপপ্ৰচাৰ মানুহেই সৃষ্টি কৰে। মানুহেই মানুহৰ শত্ৰু হৈ পৰে। সেই অৰ্থত অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা।

বৰ্তমান সময়ত ই ইমানেই বেছি হৈ পৰিছে যে ইয়াৰ ফলত পৃথিবীৰ প্ৰায়বোৰ ঠাইতে নানান অঘটন, হত্যাকাণ্ড, আত্মহত্যা আদি হ’ব লাগিছে এই কাৰণে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে এনেদৰে মন্তব্য কৰিছিল ।

(খ) সংস্কাৰ এক জীৱন পদ্ধতি।

উত্তৰঃ উদ্ধৃত কথাফাকি প্ৰসিদ্ধ গল্পকাৰ, ঔপন্যাসিক জয়ন্ত মাধব বৰা ৰচিত “ অন্ধ বিশ্বাস আৰু কু – সংস্কাৰ ” প্ৰৱন্ধটিৰ অন্তৰ্গত

অন্ধবিশ্বাস, আৰু কু – সংস্কাৰ মুক্ত জীৱনহে যে প্ৰকৃত জীৱন এই কথা প্ৰকাশ কৰিবলৈ যাওঁতে লেখকে এনেদৰে উল্লেখ কৰিছে ।

জীৱন সুস্থভাৱে চলাই নিবলৈ যিবোৰ নীতি-নিয়ম, ব্যৱস্থা, পৰম্পৰা, আদৰ্শ মানি চলা হয় সেইবোৰেই হৈছে সংস্কাৰ। সংস্কাৰে এখন সমাজক প্ৰগতিৰ পথেৰে আগুৱাই নিয়ে।

সংস্কাৰে ন ন চিন্তাৰ প্ৰতিফলন ঘটায়। মানৱীয় প্ৰমূল্যবোধৰ বিকাশ সাধন হয় সংস্কাৰৰ মাজত। সময়ৰ বোৱতী সোঁতৰ লগে লগেই সংস্কাৰৰো গতি। সভ্যতাক নতুন ৰূপত তুলি ধৰে সংস্কাৰে।

ইয়াৰ পৰিৱৰ্তে সমাজক যদি স্থিতাৱস্থাত ৰাখিব খোজা হয়, তেন্তে সংস্কাৰ হৈ পৰে কু-সংস্কাৰ। সমাজৰ অগ্ৰগতিক বাধা দিয়ে এই কু-সংস্কাৰে৷

অন্ধবিশ্বাস আৰু কু – সংস্কাৰৰ কোনো বৈজ্ঞানিক সত্যতা নাই। অন্ধবিশ্বাস কু সংস্কাৰে আবৰা জীৱন কেতিয়াও বিপদমুক্ত সুখী জীৱন নহয় । প্রতি মুহূর্ততে ধন জন – হানি হোৱাৰ উপৰিও অপমানিত হোৱাৰ ভয় থাকে। অন্ধবিশ্বাস আৰু কু – সংস্কাৰ নথকা জীৱন সংস্কাৰ জীৱন ।

 সংস্কাৰ অবিহনে জীৱন সুচাৰুৰূপে পৰিচালিত নহয়। ব্যাখ্যেয় কথাফাকিৰ মাজেৰে লেখকে তাকেই ক’ব বিচাৰিছে।

গ) মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে হৈছে অধ্যয়নবিমুখ।

উত্তৰ:- ‘মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে হৈছে অধ্যয়নবিমুখ’। – উদ্ধৃত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তগর্ত জয়ন্ত মাধৱ বৰাৰ ৰচিত প্রবন্ধ ‘অন্ধবিশ্বাস আৰু কুসংস্কাৰ’ ৰ পৰা তুলি দিয়া হৈছে।

মানুহ শিক্ষিত হ’লেও অধ্যয়ন নহ’লে যে প্রকৃত জ্ঞান নহয় আৰু এই জ্ঞানৰ অভাৱতেই যে সমাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰে গা কৰি উঠিছে, এই কথা প্ৰকাশ কৰিবলৈকে লেখকে এনেদৰে উল্লেখ কৰিছে ।

বর্তমান যুগৰ উন্মত্ত ভোগবাদে শিক্ষাক জ্ঞান আহৰণৰ আহিলাৰ পৰিৱৰ্তে এটা চাকৰি লাভ কৰাৰ অনিবাৰ্য পথ হিচাপেহে পৰিনত কৰাইছে।

মানুহ শিক্ষিত হৈছে, কিন্তু অধ্যয়নশীল নোহোৱাৰ কাৰণে বহুত কথা নজনাকৈ থাকি যায়, সেইবোৰৰ সম্পৰ্কে জ্ঞানৰ অভাৱ হয় । অধ্যয়নেহে মানুহক নজনা কথাৰ সম্ভেদ দিয়ে, জ্ঞান বঢ়ায় ।

মহাপুৰুষ শংকৰদেৱ আদিকে ধৰি কত জন মহান ব্যক্তিয়ে মানৱতাৰ মূল্যবোধ সম্পৰ্কে সৰলভাবে বুজাই অমূল্য গ্রন্থ ৰচনা কৰি থৈ গৈছে ।

সেইবোৰ অধ্যয়ন নকৰাৰ ফলতেই শিক্ষিত সমাজে মানবী মূল্যবোধ অনুভৱ কৰিব নোৱাৰে ।

ফলস্বৰূপে সমাজত বিশৃংখল পৰিবেশ সৃষ্টি হৈছে, অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু অমানৱীয় কার্যকলাপ সংঘটিত হৈছে ।

মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে হৈছে অধ্যয়ন বিমুখ।

ভাষা- বিষয়কঃ

৮) উদাহৰণটো চাই বাক্যকেইটা কৰা :

মানবীয় – অমানবীয়
সজাগতা – অসজাগতা
সামাজিক – অসামাজিক
ৰাজনৈতিক – অৰাজনৈতিক
সাংবিধানিক – অসাংবিধানিক
প্ৰচাৰ – অপপ্ৰচাৰ।

 

৯) তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখাঃ
ইতিবাচক – নেতিবাচক
সৎ – অসৎ
যোগাত্মক – বিয়োগাত্মক
সক্ষম – অক্ষম
অভিশাপ – আশীৰ্বাদ।

error: Content is protected !!