50+ Best Assamese Poem (অসমীয়া কবিতা) Collection

Are you looking for the best Assamese poem? In this article, you will find 50+ best Assamese poems by great Assamese Poets.

Best Assamese Poem Collection-

 

Assamese Poem No 1:

                                                                                               মোৰ দেশ

হীৰেন ভট্টাচার্য

মোৰ প্ৰাণৰো প্ৰাণৰ মোৰ গানৰো গানৰ মোৰ দেশ। মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে শইচ-সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আঁহে আঁহে, মোৰ যৌৱনৰ কোঁহে কোঁহে সেই সপোনৰ কলবোল।

দেশে দেশে দেশ আছে। এনে বহু দেশৰ অৰঙে-দৰঙে মই ঘূৰিছোঁ। বহু বন্ধুৰ স’তে হাতে হাতে হাত ধৰি ফুৰিছোঁ৷ কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা পাহাৰতলিত খম্ভেক জিৰাইছোঁ। বন্ধুৰ সতে প্রাণ খুলি প্ৰাণৰ কথা পাতিছোঁ। তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা।

এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ। যাৰ বুকুৰ উমে মোক দিছে ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্যহ্ল জীৱনৰ নতুন অর্থ। এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাব। প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস। প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ।

এই দেশৰ বাবে মই জীয়াই আছো। এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ। ৰণুৱা, বনুৱা, হালোৱা এইসকলৰ মাজত মই আছোঁ মোৰ দেশৰ বাবে অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ। জীৱনে মৰণে, শয়নে সপোনে এই দেশৰ আহ্বান মই শুনিছোঁ।

শত্রু-মিত্র সকলোকে মই চিনিছোঁ। সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে জিনিছে। শান্তিৰ চৰাইফুৰিক আঁজলি ভৰাই মই দিছোঁ— ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান।

আৰুতো মোৰ একো নাই! মোৰ দেশ – মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰতবলৈ, আদৰ্শৰ কঠিন পৰ্বত-মূললৈ….।

 

কবি-পৰিচয়

Assamese Poem

হীৰেন ভট্টাচার্য (১৯৩২-২০১২) ব জন্ম যোৰহাটত। কেইবাখনো চহৰত স্কুলীয়া শিক্ষা গ্রহণ কৰে। গুৱাহাটীৰ ভোলানাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা আই.এ.পাছ কৰে। ছপাশালৰ কাম আৰু শিক্ষকতাৰ লগতে চিত্ৰকন প্ৰেছৰ গৰাকীও আছিল। ‘সুগন্ধি পখিলাৰ কবি’ হিচাপে জনাজাত। তেওঁৰ কবিতাপুথি হ’ল—‘বৌদ্ৰ কামনা’, ‘তোমাৰ বাঁহী’, ‘সুগন্ধি পখিলা’, ‘বিভিন্ন দিনৰ কবিতা’, ‘মোৰ প্ৰিয় বৰ্ণমালা’ ইত্যাদি। ‘শইচৰ পথাৰ মানুহ’ কবিতাপুথিৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

মূলভাব :

‘মোৰ দেশ’ কবিতাটিত স্বদেশপ্ৰেমৰ নিৰ্ভাঁজ ৰূপ জিলিকি উঠিছে। কবি তেওঁৰ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্রতি সদায় দায়বদ্ধ। দেশৰ ঐক্য, সংহতি আৰু সম্প্ৰীতিৰ তেওঁ সদা সচেতন প্ৰহৰীস্বৰূপ৷ দেশৰ হকে কিবা এটা কৰাৰ প্ৰতিশ্ৰুতি কবিতাটিৰ মাজত জিলিকি আছে। কবিয়ে বিভিন্ন দেশ-বিদেশ ভ্রমণ কৰিছে যদিও সকলোৰে ওপৰত নিজৰ দেশক স্থান দিছে। প্রতিগৰাকী দেশবাসীৰ ৰক্তপ্রবাহত দেশানুৰাগ প্ৰবাহিত কৰিবলৈ কবিতাটিয়ে অনুপ্রাণিত কৰে।

 

Assamese Poem No 2:

মানৱ বন্দনা

আহিছে মানুহ           গইছে মানুহ
মানুহ ময়াপী জীৱ,
মানুহ সোঁতৰ         অন্ত নাইকিয়া
বুলিলে মৰত কিয়?

মানৱী জনম         দিয়া উটুৱাই
মানৱী কম সোঁতে,
মানুহৰ মৰম      বুজিবা মানুহে
ধৰম যে মৰমতে ।

মানুহেই সংগ        মানুহেই লগ
মানুহেই পৰাৎপৰ,
এই যে পৃথিৱী    স্বৰ্গতো অধিক
মানুহৰ নিজাপী ঘৰ।

মানুহেই দেৱ      মানুহেই সেৱ
মানুহ বিনে নাই কেৱ,
কৰা কৰা পূজা      পাদ্য অর্ঘ্য লই
জয় জয় মানৱ দেৱ।

চন্দ্ৰকুমাৰ আগৰৱালা

কবি-পৰিচয় :

Assamese Poem

চন্দ্ৰকুমাৰ আগৰৱালা (১৮৬৭-১৯৩৮) : অসমীয়া সাহিত্যৰ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম। ৰোমাণ্টিক যুগৰ এগৰাকী শ্রেষ্ঠ কবি। কবিতা পুথি—’প্রতিমা’ (১৯১৪) আৰু ‘বীণ ব’ৰাগী’ (১৯২৩)। সম্পাদিত কাকত-আলোচনী—’জোনাকী’, ‘সাদিনীয়া অসমীয়া’।

মূলভাব :

উদাৰ মানৱতাবাদ প্রকাশ পোৱা ‘মানব বন্দনা’ কবিতাটিৰ মাজেদি কবিৰ মানৱ সেৱাৰ মনোভাৱ অতি সুন্দৰভাৱে প্ৰকাশ পাইছে। মানুহৰ পাৰস্পৰিক মৰম-চেনেহৰ জৰিয়তে যে এই মর্ত্যতেই স্বৰ্গৰ সুখ লাভ কৰিব পাৰি এই কথাও কবিতাটিত পৰিস্ফুত হৈছে। কবিতাটিৰ সাংগীতিক লয়ো ইয়াৰ আন এক বিশেষত্ব। মানুহৰ শ্ৰেষ্ঠত্ব প্রতিপন্ন কৰাটোৱেই কবিতাটোৰ ঘাই উদ্দেশ্য। Read More

Assamese Poem No 3:

সবাতোকৈ আপোন

হয়তো নহ’ব পাৰে মোৰ আই সবাতো শুৱনি

তথাপি আপোনমোৰ আই,

গছলতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী

তেৱেঁ মোক দিলেহি চিনাই।

হয়তো নহ’ব পাৰে. মোৰ দেশ সবাতো চহকী

তথাপি আপোন মোৰ দেশ,

ইয়াৰ নগৰ গাওঁ জানজুৰি প্ৰাণৰ চিনাকী

যাৰ নাই মহিমাৰ শেষ।

হয়তো নহ’ব পাৰে মোৰ ভাষা সবাতো সুৰীয়া

তথাপি আপোন এই ভাষা,

তাৰেই প্ৰকাশ কৰোঁ অন্তৰৰ ভাব কুমলীয়া

সখ দুখ স্নেহ শান্তি আশা।

মোৰ আই, মোৰ দেশ মোৰ ভাষা ভাল পাওঁ
তাৰেই মই চিনিম জগত

সুবিশাল পৃথিৱীত হাতে হাতে ধৰাধৰিকৈ

খোজ দিম সবাৰে লগত।

কবি― নৱকান্ত বৰুৱা

নৱকান্ত বৰুৱা অসমীয়া সাহিত্য জগতৰ এটি পৰিচিত নাম। তেওঁ একেধাৰে কবি, ঔপন্যাসিক আৰু শিশু সাহিত্যিক আছিল। নৱকান্ত বৰুৱাদেৱে ‘এখুদ ককাইদেউ’ ছদ্ম নামেৰে বহুতো শিশু সাহিত্য ৰচনা কৰিছিল আৰু তেওঁ এই নামেৰে শিশুসকলৰ মাজত যথেষ্ট জনপ্রিয়তা অৰ্জন কৰিছিল। তেওঁৰ দ্বাৰা ৰচিত কেইখনমান গ্ৰন্থ হ’ল— ‘ককাদেউতাৰ হাড়’, ‘শিয়ালী পালেগৈ’, ‘ৰতনপুৰ’ ইত্যাদি।

তেওঁ ‘ককাদেউতাৰ হাড়’ নামৰ গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। ইয়াৰ ওপৰিও তেওঁ অসম প্ৰকাশন পৰিষদ বঁটা, অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল আৰু ভাৰত চৰকাৰৰপৰা ‘পদ্মভূষণ’ সন্মানেৰে বিভূষিত হৈছিল। তেখেত অসম সাহিত্য সভাৰ সভাপতিও হৈছিল।

 

Assamese Poem No 4:

সঞ্চয়

উঁইৰ সঞ্চয় মাটি কৰকৰা,

মৌৰ সঞ্চয় বিচনীখন।

উঁইৰ সঞ্চয়ে মাটি-ৰস হবে,

মৌৰ সঞ্চয়ত মধু বর্ষণ।।

বাঢ়ে কৃপণৰ সঞ্চয়ত নিতে

আন্ধাৰ মাথোন চোৰ-চাঙত ।

জ্ঞানৰ সঞ্চয়ে পোহৰ বিলাই,

মনৰ নেদেখা কুন্ধিবোৰত৷৷

পুণ্যতোয়া গঙ্গাজল সাঁচি থ’লে,

হয় শান্তিয়নী পৱিত্ৰ জল।

সোণৰ পাত্ৰতো ম’হৰ ঘুলিৰ

জল সাঁচি থ’লে নহয় নিৰ্ম্মল৷৷

সাঁচি থোৱাকেই সঞ্চয় নকয়—

যদি তাৰে হিত সাধন নহয়।

কবি— নীলমণি ফুকন।

কবি পৰিচয়

নীলমণি ফুকন (১৮৮০-১৯৭৭) ঃ নীলমণি ফুকনৰ পিতৃ লম্বোদৰ ফুকন। কবিগৰাকীয়ে ডিব্ৰুগড়ৰ পৰা এন্ট্ৰেঞ্চ পৰীক্ষাত উত্তীৰ্ণ হৈ পাছত ক্ৰমে কটন কলেজ আৰু কোচবেহাৰ কলেজত অধ্যয়ন কৰি স্নাতক ডিগ্রী লয়। তেখেতে ডিব্ৰুগড়ৰ জৰ্জ স্কুলত শিক্ষকতাৰে চাকৰি জীৱনৰ পাতনি মেলে। নালমাণ ফুকনে ‘আলোচনী’, সাদিনীয়া ‘বাতৰি’ (পাছত ‘দৈনিক বাতৰি’), ‘ন-জোন’ (শিশু) আলোচনী) আদি সম্পাদনা কৰে।

ভাটি বয়সত সাহিত্য সৃষ্টি আৰম্ভ কৰা নীলমণি ফুকনে ‘জ্যোতিকণা’, ‘মানসী’, ‘গুটিমালি’, ‘জিঞ্জিৰি’, ‘সন্ধানী’, ‘অমিত্রা’, ‘আহুতি’, ‘শতধাৰা’, ‘মৰাডালৰ কুঁহিপাত’ আৰু ‘মানস-প্রতিমা’ কবিতা পুথিৰ উপৰি ‘চিন্তামণি’ আৰু ‘সাহিত্যকলা’ নামৰ উৎকৃষ্ট প্ৰৱন্ধ পুথিও ৰচনা কৰে।

‘ককা নীলমণি ফুকন’ নামেৰে পৰিচিত বিশিষ্ট কবিগৰাকীক সর্বজনস্বীকৃত বাক্‌পটুতাৰ বাবে ‘বাগ্মীবৰ’ নামেৰেও জনা যায়৷

 

Assamese Poem No 5:

প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক

ড° ভূপেন হাজৰিকা

প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক
তোমাৰ প্ৰাপ্য কি কোৱা ?
মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক’লোঁ।
তোমাৰ শক্তিখিনি দিয়া।
বজ্ৰৰ গর্জনে বক্ষ উজাৰি ক’লে,
তোমাৰ কাম্য কি কোৱা?
মই ক’লোঁ, বজ্ৰ তোমাৰ
শক্তিশালী উদাত্ত কণ্ঠটি দিয়া।

এদিন আকাশে ক’লে, জনৈক গীতিকাৰে
‘অকণি আকাশ’ দেখোঁ মাগে
তুমি কিয় আজি বাৰু কম্পিত কণ্ঠেৰে
মাগিছা সর্বাকাশ সত্তা?
মই ক’লোঁ, তুমিয়েতো কৈছিলা ৰাতিপুৱা
যিমানে বিলাই দিবা, সিমানে মহান হ’বা
তাৰে নাম সঁচা উদাতা।
সেয়েহে আকাশ তুমি দিব যদি খুজিছাই
সংকীর্ণতা এৰি দিয়া অবদান ৰূপে তোমাৰ পূর্ণ বিশালতা দিয়া যদি আজিয়েই দিয়া।

মহাকাশে দিলে মোক বিশাল দৃষ্টি
আৰু ধুমুহাই প্রচণ্ড শক্তি
বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি।

বজ্ৰৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে
গীত গাই কঁপাম দিগন্ত
দানৱৰ সমাজতো গাম মানৱৰ গীত
কলিজাৰ সঁচা-সুৰ সিক্ত।

মুমূষু মানৱক জীৱনৰ বিদ্যুৎ
কিঞ্চিতো যদি দিব পাৰোঁ
আকাশ, ধুমুহা আৰু বস্তুক তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ।

কবি-পৰিচয় :

জন্ম শদিয়াত ১৯২৬ চনৰ ৮ চেপ্টেম্বৰত। গুৱাহাটী আৰু তেজপুৰত স্কুলীয়া শিক্ষা লাভ কৰে। গুৱাহাটীৰ কটন কলেজৰ পৰা আই. এ. পৰীক্ষাত উত্তীৰ্ণ হৈ বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ উপাধি লাভ কৰে। পৰৱৰ্তী সময়ত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰাও শিক্ষা বিজ্ঞানত স্নাতকোত্তৰ উপাধি লাভ কৰাৰ লগতে উক্ত বিশ্ববিদ্যালয়ৰ পৰাই পি. এইচ. ডি. উপাধি লাভ কৰে। বি. বৰুৱা মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনাৰ লগতে আকাশবাণী গুৱাহাটী কেন্দ্রতো কাৰ্যনিৰ্বাহ কৰিছিল।

অসাধাৰণ প্ৰতিভাৰ অধিকাৰী এইজনা ব্যক্তিয়ে ঘাইকৈ কণ্ঠশিল্পী, গীতিকাৰ, চলচ্চিত্র পৰিচালক হিচাপে কেৱল অসম বা ভাৰততে নহয়, বিশ্বৰ বিভিন্ন স্থানত সমাদৰ পাবলৈ সক্ষম হৈছে। ১৯৫৬ চনত ‘এৰাবাটৰ সুৰ’ চলচ্চিত্ৰৰ যোগেদি চলচ্চিত্ৰ-পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু আঠখন অসমীয়া, এখন বাংলা আৰু এখন হিন্দী চলচ্চিত্র পৰিচালনা কৰিছিল। ইয়াৰে কেইখনমান হ’ল ‘শকুন্তলা’ (১৯৬১), ‘প্রতিধ্বনি’ (১৯৬৪), লটিঘটি’ (১৯৬৬), ‘চিকমিক বিজুলী’ (১৯৬৯), ‘চিৰাজ’ (১৯৮৮) আদি।

অসমীয়া চলচ্চিত্ৰৰ লগতে বাংলা, হিন্দী, ভোজপুৰী, কাৰ্বি, বড়ো, মালায়ালম ভাষাৰ শতাধিক ছবিৰ সংগীত পৰিচালনা কৰিছিল। পৰিচালনা কৰা তথ্যচিত্ৰৰ সংখ্যা নখন। কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছিল। সম্পাদিত আলোচনী: ‘আমাৰ প্রতিনিধি’, ‘বিন্দু’, ‘প্রতিধ্বনি’ আদি। ৰচিত গ্রন্থ পঞ্চাশখনতকৈও অধিক। ড° হাজৰিকাই দেশে-বিদেশে অর্ধশতাধিক বঁটা-সন্মান লাভ কৰিছিল।

মূলভাব :

কবিতাটোত প্রবাহিত হৈ আছে মানৱতাৰ সুৰ। ধুমুহাৰ দৰে প্রচণ্ড শক্তি লাভ কৰি সমাজৰ উত্তৰণত সেই শক্তি প্রয়োগ কৰিবলৈ কবি আগ্রহী। বজ্ৰৰ দৰে নিৰ্ভীকতা আৰু উদাত্ত কণ্ঠেৰে মানৱতাৰ জনগান গাবলৈ কবিয়ে যেন ইচ্ছা প্রকাশ কৰিছে। আকাশৰ বিশালতাই কবিক যেন সোঁৱৰাই দিছে— সংকীর্ণতাৰ পৰিধি ভঙা এক মানৱিক উদাৰতাৰ কথা। মুমূô মানৱক মানৱতাবোধেৰে পুনৰ সঞ্জীৱিত কৰাটোৱেই কবিতাটোৰ মুখ্য অভিপ্রায়।

Assamese Poem No 6:

গীত আৰু ছবি

কোনেও সেইটি গীত ভাল নুবুলিব যিটি গীত বুজাইছে বুজে;

কোনেও সেইটি ছবি ভাল নেদেখিব যাৰ মূল আটায়ে নুবুজে।

যিটি দেখি সকলোৱে একে ৰং পায়,

জগতৰো উলাহ বঢ়ায়,

সিহে পায় নিজে নিজে আলাসত ঠাই

সকলোৱে ভাল বুলি কয়।

যিমান নুবুজা হওঁ তথাপি শুনিলে ভাল গীতে হৃদয় জগাব,

যিমান নজনা হওঁ চকুত পৰিলে

ভাল ছবি মনত সোমাব।

সদায় চকুৰে দেখা গছ-পাতটিও

ছবিটিত ভাল হৈ পৰে, সদায় কাণেৰে শুনা সৰু কথাটিও

গীত হ’লে প্ৰাণ টানি ধৰে।

মিহি ভাব মিহি গতি কৌশলী বিদ্যাৰ নাই মৃত্যু অজৰ অমৰ,

য’তে পৰে ত’তে গজে,

বিভিন্ন আকাৰ,

ঠাই বুজি দীঘল-ডাঙৰ।

কবি-পৰিচয় :

দুৰ্গেশ্বৰ শৰ্মা (১৮৮২-১৯৬১)-ৰ জন্ম যোৰহাটৰ পটীয়াগাঁৱত। পিতৃৰ নাম কমলেশ্বৰ শৰ্মা। যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা ১৮৯৯ চনত এণ্ট্ৰেন্স পাছ কৰি কোচবিহাৰ কলেজত নাম লগায় ইয়াৰ পৰাই ১৯০৩ চনত বি. এ. আৰু ১৯০৬ চনত আইনৰ পৰীক্ষা পাছ কৰি যোৰহাটতে ওকালতি আৰম্ভ কৰে। ১৯১১ চনত ই. এ. চি.ৰূপে কামত যোগদান কৰি পৰৱৰ্তী সময়ত বিভিন্ন উচ্চ পদবীলৈ পদোন্নতি লাভ কৰি অৱসৰ লয়।

১৯৬১ চনত গুৱাহাটীত তেওঁৰ মৃত্যু হয়। এগৰাকী কবি আৰু নাট্যকাৰ হিচাপে প্রসিদ্ধি লাভ কৰা দুৰ্গেশ্বৰ শৰ্মাৰ নাটককেইখন হৈছে— অমিত্রাক্ষৰ ছন্দত লিখা ‘পার্থ পৰাজয়’ (১৯০৯), চে’ক্সপীয়েবৰ ‘এজ ইউ লাইক ইট’ৰ ভাঙনি ‘চন্দ্রাবলী’ (১৯১০), ‘পদ্মাৱতী’, ‘বালিবধ’ আদি। কবিতাপুথি— ‘অঞ্জলি’ (১৯১০) আৰু ‘নিবেদন’ (১৯১৫)।

Assamese Poem No 7:

নিয়ৰ
মুকুতা মণিটি পাহিত জিলিকে

ফটিক পানীত ধোৱা,

নিশাৰ তৰা এটি সৰিয়েহে আছে

সৰ্গত টোপনি যোৱা।

নিজম আকাশৰ নিচুক কথাটি

হিয়াত থৈছে সাঁচি,

কোন কাহানিৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি।

ফুলনিত কোনে নিশা নাচিছিল

ছিগি ৰৈ গ’ল মণি,

ৰঙ্গিলীৰ ভাব হাঁহি নাচোনৰ

ৰ’ল চিন এইকণি,

বেলিটিলৈ চাই এটুপি চকুৰ পানী।

পুৱাৰ হেঙুলি

নিয়ৰ কলিৰে শোভে ফুল জুপি চাইছো ভাবতে ভাহি,

হায় কি বিষম পেলালে বায়ুৱে জোকাৰি ফুলৰ পাহি।

চন্দ্ৰকুমাৰ আগৰৱালা (১৮৬৭-১৯৩৮) অসমীয়া সাহিত্যলৈ ৰোমাণ্টিক সাহিত্যৰ ঢল বোৱাই অন্য কবিসকলৰ ভিতৰত চন্দ্ৰকুমাৰ আগৰৱালা অন্যতম। তেখেতৰ শ্ৰেষ্ঠ কবিতা পুথি হ’ল ‘প্রতিমা’। সেইবাবে তেখেতক ‘প্ৰতিমাৰ খনিকৰ’ বোলা হয়। তেখেতৰ ববিতা পুথিসমূহ হল – প্রতিমা, বীণ ব’ৰাগী, চদ্ৰানৃত – আদি। তেখেত ‘জোনাকী কাকত’ৰো প্ৰথম সম্পাদক আছিল। ১৯৩৮ চনত তেখেতৰ দেহাবসান ঘটে। লক্ষ্মীনাথ বেজবৰুৱা, চদ্ৰকুমাৰ আগৰৱালা আৰু হেনচন্দ্ৰ গোস্বামী – এই তিনিজনক সেই সময়ত অসমীয়া সাহিত্যৰ চৰ্চা কৰাসকলে ‘জোনাকীৰ ত্ৰিমূর্তি’ বুলিছিল। এই ত্রিমূর্তিৰ অৱদান সর্বজন সমাদৃত।

মূলভাব :

প্ৰকৃতিৰ ৰূপ-বৈচিত্ৰাই মানুহৰ মনলৈ কঢ়িয়াই আনে অনাবিল সুখ। প্ৰতিটো পুৱাই অজানিতে দি যায় আশাৰ বতৰা। এই বর্ণময় বাৰ্তাৰ অন্যতম বাহক হ’ল ‘নিয়ৰ’। মুকুতা সদৃ কণাবোৰ ঘাঁহ-বনৰ ওপৰত কাহিলি পুৱাতে জিলিকি থকা দেখিলে আমাৰ মনলৈ নানা ভাব অহাটোৱেই স্বাভাৱিক। ফটিক পানীৰে ধোৱা এই নিয়ৰৰ কণাবোৰ যেন নিশাৰ আকাশৰ পৰা সৰি পৰা তৰাৰ এক অনবদ্য ৰূপ। কবিৰ কল্পনাত নিয়ৰ নৃত্যতা পৃথিৱীৰ ডিঙিৰ পৰা ছিগি পৰা একোটি মণি অথবা পুৱাৰ পোহৰত সেমেকি উঠা একোটোপাল চকুপানী।

error: Content is protected !!